ৰাইজৰ বহুদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত দুবছৰৰ পূৰ্বে নিৰ্মাণ সম্পন্ন হোৱা ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ-বাংক্লেং সংযোগী পথটো বৰ্তমান চামপৰা নদীয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি থকাত শংকিত হৈ পৰিছে উক্ত পথেৰে যাতায়ত কৰা প্ৰায় বিশ খন গাঁৱৰ ৰাইজ। গোগামুখ-ঘিলামৰা সংযোগী ৰাজ্যিক পথৰ চামপৰা দলঙৰ বাঁওকাষে দক্ষিণ- বাংক্লেং সংযোগী পথটো নিৰ্মাণকাৰী সংস্হাই প্ৰাককলন অনুসৰি নিৰ্মাণ নকৰাৰ বাবে চামপৰা নদীৰ বাঢ়নী পানীয়ে পথটোত ক্ৰমাণ্বয়ে খহনীয়াৰ সৃষ্টি কৰিছে। চামপৰা নদীয়ে প্ৰত্যক্ষ ভাৱে উক্ত পথটোত খুন্দা মৰাৰ ফলত পথটো দ্বিখণ্ডিত হোৱাৰ উপক্ৰম হৈছে।

আজি দক্ষিণ-বাংক্লেং অঞ্চলৰ ৰাইজে সাংবাদিকক জনোৱা মতে নদীখনৰ চেনেল কাটিং কৰাৰ লগতে প্ৰায় দুই কিলোমিটাৰ দৈঘ্যত শৈলস্পাৰ অথবা গাৰ্ডৱাল দিয়াৰ ব্যৱস্হা কৰিলেহে পথটো বাচি থাকিব। কুমতীয়া, জীয়াঢল, ন নদীৰ বাঢ়নী পানী চামপৰা নদীত পেলোৱাৰ ব্যৱস্হা কৰাৰ ফলত উক্ত পথটোত খহনীয়াৰ সৃষ্টি হৈছে। চামপৰা নদীত ইতিমধ্যে প্ৰায় বিশ হেক্টৰ কৃষি ভূমি জাহ গৈছে। চামপৰা নদীৰ বাঁওকাষে দক্ষিণ-কেছেৰুগুড়ি, শিয়ালমাৰি, কঁঠালগুৰি, বাংক্লেং আদি কেইবাখনো গাঁৱৰ জনসাধাৰণৰ একমাত্ৰ পথটো যদি বাঢ়নী পানীয়ে চিঙি পেলাই তেন্তে সোৱণশিৰি ৰাজহ চক্ৰৰ প্ৰায় পঁচিশ-ত্ৰিশ খন গাঁও সম্পূৰ্ণ ৰূপে জলমগ্ন হৈ বিধ্বস্ত হৈ পৰাৰ সম্ভাৱনা এশ শতাংশ।

বিষয়টো আজি দক্ষিণ-বাংক্লেং অঞ্চলৰ ৰাইজে শেষবাৰৰ বাবে প্ৰত্যক্ষ কৰি ইয়াৰ পৰা উদ্ভব হ’ব পৰা ভয়াৱহ পৰিস্হিতিৰ উমান লাভ কৰে আৰু স্হানীয় ৰাইজে অতি সোনকালে বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।