যোবা ২১জানুবাৰীত ৰহা পুৰনাচাৰিআলী স্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ,হুমেশ্বৰ দাস সমন্বয় ক্ষেত্ৰত তিনি দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোবা চতুৰ্ভুজ আঞ্চলিক শাখা,শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথম দিনা নাম প্ৰসংগ,আদৰণি সমিতিৰ সভাপতি ইন্দ্ৰমোহন দাসৰ দ্বাৰা নামঘৰ তোৰন,অজিত কোঁবৰৰ দ্বাৰা প্ৰতিনিধি শিবিৰ আৰু ৰহা পৌৰসভা পৌৰপতি বন্তি হাজৰিকা ৰ দ্বাৰা মূল তোৰন উদ্বোধন কৰাৰ পাছত চতুৰ্ভুজ আঞ্চলিক শাখাৰ সভাপতি হীৰেন বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোবা প্ৰতিনিধি সভাৰ উদ্বোধন নগাঁও জিলা শাখাৰ শৰন সদস্য তৰুন চন্দ্ৰ ডেকাই কৰাৰ পাছত ভোজনালয় দ্বাৰ আদৰনি সমিতিৰ কাৰ্য্যকৰি সভাপতি খগেন দাসে কৰে।

       বিয়লী আই আৰু সেবাবাহিনী ৰ যুটীয়া সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

       সন্ধ্যা প্ৰয়াত গোলোক তামুলীৰ সোঁবৰনত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধন শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰ প্ৰান বৰাই কৰে।

   ৰূপালী জয়ন্তী বৰ্ষ ৰ দ্বিতীয় দিন প্ৰাত:প্ৰসংগ,ভাগবত পাঠ আৰু নাম প্ৰসংগ ৰ পাচত চতুৰ্ভুজ আঞ্চলিক শাখা ৰ সভাপতি হীৰেন বৰাৰ সঞ্চালনাত প্ৰাথমিক শাখাৰ সভাপতি, সম্পাদক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ উদ্বোধন চতুৰ্ভুজ আঞ্চলিকৰ সম্পাদক ৰাজিত কুমাৰ ডেকাৰ দ্বাৰা কৰাৰ পাছত ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ চতুৰ্ভুজ ৰ উন্মোচন শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰিয়াই কৰি সম্বোধন কৰি সকলোকে আপ্লুত কৰে।

     নিশা প্ৰয়াত ভদ্ৰকান্ত কাকতিৰ সোঁৱৰণত অংকীয়া ভাওনা ৰুক্মিণী হৰন ৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ গ্ৰন্থ বিপনন শাখাৰ সভাপতি জ্যোতি প্ৰসাদ ভূঞাই কৰে।

   ৰূপালী জয়ন্তী বৰ্ষ ৩য় আৰু অন্তিম দিন পূবা প্ৰাত:প্ৰসং,ভাগবত পাঠ ৰ পাছত চতুৰ্ভুজ আঞ্চলিক শাখা ৰ সভাপতি হীৰেন বৰাৰ দ্বাৰা পতাকা উওোলন আৰু ভাগবত আৰু সাংস্কৃতিক শুভাযাত্ৰাৰ উদ্বোধন কৰিব নগাঁও জিলা শাখাৰ সম্পাদক বিপুল শইকীয়াই।

     দিনৰ ১১বজাত চতুৰ্ভুজ আঞ্চলিক শাখা ৰ সভাপতি হীৰেন বৰাৰ সঞ্চালনাত মুকলি সভাৰ উদ্বোধন কৰিব নগাঁও জিলা শাখাৰ সভাপতি চেনাৰাম ডেকা।

      মুকলি সভাত নিদিষ্ট বক্তা ৰুপে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ ৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা,মুখ্য অতিথি ৰূপে শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ ৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা,উপ পদাধিকাৰ চক্ৰধৰ সোনোৱাল, বিশিষ্ট অতিথি ৰূপে ৰহা সমষ্টি বিধায়ক শশীকান্ত দাস সহ গনমান্য ব্যক্তি উপস্থিত থাকিব।