নামনি মাজুলীৰ মহৰিচুক গাঁৱৰ তথা মাজুলীৰ প্ৰাক্তন বিধায়ক যোগেশ্বৰ দলেৰ মৃত্যু বাৰ্ষিকত কাবলি বুটমাহ খাই ৭০ জনৰ বিষক্ৰিয়া ৷ ২০ জনক ইতমধ্যে মাজুলীৰ গড়মুৰ পীতাম্বৰ দেৱ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈ ৷
এই ৰোগী সকলৰ ভিতৰত দুজন শিশু আৰু এগৰাকী প্ৰসুতি ৰোগী আছে বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে চিকিৎসকে অব্যাহত ৰাখিছে চিকিৎসা ৷
প্ৰধানকৈ এই লোক সকলৰ বুটমাহ খাই ডায়েৰীয়া , পেট বিষ আদি ৰোগে দেখা দিছে আৰু ৰোগী সকল দুৰ্বল হৈ থকাৰ বাবে তেওঁলোকক চেলাইন দি থকা হৈছে ৷