সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ ত আগন্তুক  শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে ৰাস মহোৎসৱক লৈ আখৰাত ব্যস্ত হৈ পৰিছে যুবতী,জীয়াৰি আৰু বোৱাৰী।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

      এই বৰ্ষ ৰহা সৰাগাঁও ববৰাআটি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে সোনালী জয়ন্তী বৰ্ষ পালনৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে অহা ২৫নবেম্বৰৰ পৰা পাঁচ দিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ৰ আয়োজন কৰা হব।

   লগতে ৰহা সাৰ্বজনীন শংকৰী কলাজ্যোতি পৰিষদে ৪৪তম বৰ্ষ ৰাস মহোৎসৱ ৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

     ৰহা সাৰ্বজনীন শংকৰী কলাজ্যোতি পৰিষদৰ সভাপতি সুভাষ চন্দ্ৰ দেউৰী আৰু সম্পাদক নিয়ৰজ্যোতি গাঁওখোৱাই জানিব দিয়া অনুসৰি ৰহা নতুন চাৰিআলি (ঠুকলাগাঁও)ত ২৬ নবেম্বৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ৰ প্ৰথম দিন পূবা ৬বজাত শ্ৰীমদ্ভাগৱত স্থাপন,খোল প্ৰসংগ,প্ৰভাত ফেৰি আৰু শ্ৰীমদ্ভাগৱত পাঠেৰে শুভাৰম্ভ কৰাৰ পাছত বিয়লী ২বজাত মধ্য টোপাকুচী,থুকুলাগাঁও,পূব টোপাকুচী,মৈৰাআটি আৰু ৰজাগাঁও ৰ আই সকলৰ দ্বাৰা দিহানাম পৰিবেশন কৰা হব।

    সন্ধ্যা ৫বজাত বন্তি প্ৰজ্বলন ও নাম প্ৰসঙ্গৰ পাছত নিশা ৯ বজাত স্থানীয় যুৱতী বোৱাৰী সকলৰ দ্বাৰা শ্ৰীশ্ৰী কৃষ্ণ ৰাস ক্ৰীড়া মহোৎসৱ ৰ পৰিবেশন কৰা হব।

   শ্ৰীকৃষ্ণ ৰাস ক্ৰীড়া মহোৎসৱ ৰ উদ্বোধন কৰিব অৱসৰ প্ৰাপ্ত কৃষি বিজ্ঞানী ড° দিনেশ হাজৰিকা।

    ৰাস মহোৎসৱ ৰ দ্বিতীয় দিনা ২৭নবেম্বৰত বিয়লী ১বজাত শ্ৰীমদ্ভাগৱত পাঠ,বিয়লী ২বজাৰ পৰা বিভিন্ন গাঁওৰ আই সকলৰ দ্বাৰা দিহানাম পৰিবেশন, সন্ধ্যা ৫বজাত বন্তি প্ৰজ্বলন কৰিব অশোক খেতানে।

নিশা ৯বজাৰ পৰা স্থানীয় যুৱক যুৱতী সকলৰ দ্বাৰা অংকীয়া নাট ত্ৰিলোচন বিজয় পৰিবেশন কৰা হব।

   অংকীয়া নাট ৰ উদ্বোধন কৰিব বিশিষ্ট সমাজসেৱক ড° অসীম কুমাৰ দাসে।

    আয়োজকে সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগীতাৰ কামনা কৰিছে।