দৰঙৰ কৌপাটীত পথ অৱৰোধ‌‌ কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ। কৌপাটীত নিৰ্মীয়মান অসম মালা আচঁনিৰ এটা পথ‌ৰ কামৰ‌ গাফিলতিৰ বিৰুদ্ধে এই প্ৰতিবাদ।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

এঘন্টা বৰষুনতে পথৰ‌ বালিমাটি ঘৰে দোকানে প্ৰৱেশ কৰাত কৌপাটীত ৰাইজৰ উত্তেজনা। পথ‌ নিৰ্মানত ব্যৱহৃত বালি বৰষুনৰ‌ পানীৰ‌ সৈতে ঘৰ‌ দুৱাৰত প্ৰৱেশ কৰাত ব্যপক ক্ষতিগ্ৰস্ত ৰাইজ। যাৰ ফলত কেইবা শতাধিক ৰাইজ উপস্থিত হৈ কৌপাটীত পথ অৱৰোধ কৰি পথত বহি পথ নিৰ্মাণ কৰা ঠিকাদাৰৰ‌ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তপ্ত পৰিবেশৰ‌ সৃষ্টি কৰে।‌ প্ৰতিবাদস্থলীত উপস্থিত আৰক্ষী উপস্থিত‌ হোৱাত প্ৰায় তিনি ঘন্টাৰ পিছত পথ‌ মুকলি কৰি দিয়া হয়