সোণাৰি সমষ্টিৰ সাতজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।
স্বাধীনতাৰ আজাদি কা অমৃত মহোৎসৱৰ লগত সঙ্গতি ৰাখি সোণাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ সাতগৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্দ্ধনা জ্ঞাপন কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
সম্বৰ্দ্ধনা জ্ঞাপন কৰা সময়ত বিধায়কগৰাকীৰ সৈতে বিজেপিৰ বৰহাট মণ্ডলৰ সভাপতি কমল কুৰ্মী , চৰাইদেউ জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক চিৰঞ্জীৱ মহন,চফ্ৰাই মণ্ডল যুৱ মৰ্চাৰ সভাপতি তৰুণ ইয়েন,বৰহাট মণ্ডল যুৱ মৰ্চাৰ সভাপতি নৱজ্যোতি খনিকৰ, চৰাইদেউ জিলা যুৱ মৰ্চাৰ অধ্যয়ন কোষৰ আহ্বায়ক মনজিৎ লিকচনৰ লগতে দলীয় কাৰ্য্যৰ্কতাসকল উপস্থিত আছিল ৷