:: টংলা কবি সন্মিলন আৰু নৈ' আলোচনীৰ উদ্যোগত “ঘন কুঁৱলী ফালি গাওঁ পোহৰৰ জয়গান” অনুষ্ঠান সম্পন্ন

:: আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহাক “অক্লান্ত সৈনিক বঁটা” প্ৰদান

 :: টংলা কবি সন্মিলন আৰু নৈ' আলোচনীৰ উদ্যোগত ১ নং বটাবাৰী গাওঁ উন্নয়ন সমিতি, ৰূপালী যুৱ সংঘ আৰু শিৱ সেৱাশ্ৰমৰ সহযোগত “ঘন কুঁৱলী ফালি গাওঁ পোহৰৰ জয়গান” শীৰ্ষক অনুষ্ঠানটি সম্পন্ন হৈ যায় ৷ মৌগাঁও,টংলাৰ ক’ৰ্দৈ ৰিজ’টত টংলা কবি সন্মিলনৰ সভাপতি খগেন্দ্ৰ নাথ বৰাই সঞ্চালনা কৰা অনুষ্ঠানটি উদ্বোধন কৰে ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ওদালগুৰি ৰত্ন বঁটা প্ৰাপক ধৰণীধৰ মেধিয়ে । ওদালগুৰি জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক তপেশ্বৰ ৰাভা, ওদালগুৰি জিলা লেখিকা সমাৰোহৰ সম্পাদিকা খীৰ শইকীয়া ডেকা, ছিপাঝাৰ ডিজিটেল মিডিয়া ফ’ৰামৰ উপ-সভাপতি নৱজিৎ শৰ্মা, সাংবাদিক ৰঞ্জিত কুমাৰ নাথে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত আজিৰ কবিতা আৰু মেজাংকৰি প্ৰকাশনৰ সম্পাদক, প্ৰকাশক বিনয় চলিহাক “অক্লান্ত সৈনিক বঁটা”, বিশিষ্ট কবি শান্তিবালা দত্তক “হুদুমাপৰীয়া কবি সন্মান” আৰু কবি অমৰজ্যোতি ৰাভাক “ননৈপৰীয়া কবি সন্মান”প্ৰদান কৰে ৷ টংলা কবি সন্মিলনৰ সম্পাদক জ্যোতি প্ৰসাদ কলিতা আৰু কবি ফটিক ৰাভাই আঁতধৰা অনুষ্ঠানটিত পৰিবেশন কৰা দুৰ্লভ দেৱনাথ, ৰঞ্জিত নাথ,উদ্ধৱ দাস, উদ্ধৱ দেৱনাথ,দেৱজিৎ শৰ্মা, জয়ন্ত দাস, সুৰেন্দ্ৰ মোহন ৰাভাৰ কবিতা পাঠ,জ্যোতিস্মিতা বড়ো, কাব্যত শৰ্মাৰ নৃত্য আৰু মধু পাটোৱাৰী,দণ্ডিৰাম শৰনীয়া,অনুপমা ডেকা চলিহাৰ গীতে অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে ৷