-ভাৰতীয় জনতা পাৰ্টি , গোগামুখ মণ্ডল সমিতিৰ উদ্যোগত প্ৰভাত ফেৰী।

৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চৰকাৰে ''আজাদী কা অমৃত মহোৎসৱ'' আয়োজনৰ লগতে স্বাধীনতা দিৱস পালন কৰিবৰ বাবে সাজু প্ৰতিজন নাগৰিক ।

আজি বি জে পি গোগামুখ মণ্ডল সহযোগত এই পদ যাত্ৰাত অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগু লগতে জিলাৰ বিষয় ববিয়া । গোগামুখ বি জে পি কাৰ্যালয় পৰা শতাধিক কৰ্মী য়ে হাতত পতাকা লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সজাগতা পদযাত্ৰা আৰম্ভ কৰে।

আগন্তুক স্বাধীনতা দিৱসত ঘৰে ঘৰে তিৰংগা পতাকা উৰুৱাবলৈ আৰু সকলোকে স্বাধীনতা দিৱস পালন কৰিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে।