চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বঁটামৰাৰ ব্যৱসায়ী তথা ঠিকাদাৰ কনক গগৈৰ ঘৰৰ চৌহদত পুঁৱা এটা গ্ৰেনেট পৰি থকা প্ৰত্যক্ষ কৰে কাম কৰা লোকে । বিষয়টো কনক গগৈক অৱগত কৰাত কনক গগৈয়ে আৰক্ষী অৱগত কৰে ।

আৰক্ষীয়ে আহি গ্ৰেনেটটো উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, প্ৰায় ৫ মাহ পূৰ্বে আলফাই ব্যৱসায়ী কনক গগৈৰ পৰা ৫০ লাখ টকা ধন দাবী কৰিছিল । ইয়াৰ পিছতে ফোনযোগে ভাবুকিও দিছিল । এই সন্দৰ্ভত মৰাণহাট আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে কনক গগৈয়ে । কিন্তু, আজি পুঁৱা ঘৰৰ চৌহদতে গ্ৰেনেট উদ্ধাৰ হোৱাত শংকিত হৈ পৰিছে ব্যৱসায়ীজন।