ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যালয়ৰ মৰাাণ আৰক্ষী থানাৰ প্ৰাঙ্গণত থকা গাওঁৰক্ষী বাহিনীৰ ভৱনত আজি খোৱাং ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত বাল্যবিবাহ বিৰোধী অভিযানৰ সজাগতা সভা অনুষ্ঠিত হয়। সভাত খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডাঃ ঘনশ্যাম সোনোৱাল , মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ কুমাৰ দাস।, আশাকৰ্মী।আৰু খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিষয়া।আৰু স্থানীয় গণ্য-মান্য লোক উপস্থিত থাকে।