ঘিলামৰাৰ বৰদৈবামত বানপানী।

জিয়াঢলৰ ভদিয়া বানে বুৰালে বৰদৈবাম লেজুৱা, ন-পাম কৈৱত,চকলা গুৰি,ত্ৰিশূল,দীঘলীবস্তি, মাজি গাঁও,মিলনপুৰ আদি বহুকেইখন গাঁও।

অৰুণাচল পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জিয়াঢল নৈৰ বুকু উফণ্ডি উঠাত কেইবাদিনো ধৰি পানীৰ তলত আছে গাওঁকেইখন।পানীয়ে গাওঁসমূহ বুৰাই পেলোৱাৰ ফলত তীব্ৰ খাদ্য সংকটত তথা এটুপি খোৱাপানী আৰু পশুধনৰ খাদ্য সংকটত ভুগিছে লোকসকল।

আজি বহুবছৰ ধৰি বহাগ মাহৰ পৰা এনেদৰে ধাৰিবাহিক ভাবে হোৱা বানে জ্বলা কলা খুৱাইছে অঞ্চলটোত ।কানসাৰ নাই চৰকাৰ প্ৰশাসন তথা জনপ্ৰতিনিধিৰ ।

বান সাহাৰ্যৰ নামত পলিথিনৰ পেকেটত আধালিতাৰ পানী দিয়েই দায়িত্ব সামৰিছে।

সেয়েহে এইসকল বন্যাতই চৰকাৰক আহ্বান জনাইছে তেওঁলোকৰ ফালে চকু মেলি চাবলৈ চৰকাৰক অনুৰোধ জনাইছে ।