ঢকুৱাখনা মহকুমাৰ অন্যতম উচ্চ শিক্ষা বাটকটীয়া শৈক্ষিক প্ৰতিষ্ঠান নৰ্থ বেংক মহাবিদ্যালযে মঙ্গলবাৰে হেৰুৱালে এক সমুজ্জল শৈক্ষিক নক্ষত্ৰ।ঘিলামৰাত বিজ্ঞান শিক্ষাৰ প্ৰসাৰত প্ৰধান নেতৃত্ব বহন কৰি মহাবিদ্যালয় খনৰ ২০০০চনতে উদ্ভিদ বিজ্ঞান বিভাগ প্ৰতিষ্ঠা কৰি বিজ্ঞান শিক্ষা মনস্কতাৰ সৃষ্টিৰে অমৃত্যু বিদ্যায়তনিক সেৱা আগবঢ়াই যোৱা বিৰাচন কমান (৫৩) মৃত্যু ঘটিছে।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

জানিব পৰা মতে বিগত এটা বছৰ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল কমানে।শেহতীয়াভাবে গুৱাহাটীত চিকিৎসা গ্ৰহণ কৰি এদিন পূৰ্বে স্ব গৃহলৈ উভতিছিল শিক্ষাবিদ গৰাকী কিন্ত  মঙ্গলবাৰে পুৱাতি নিশা ৪বজাত কমানৰ স্বাস্থ্য দ্ৰুত অৱনতি ঘটাৰ পিছত গোগামুখৰ নিজৰ নগাওঁ স্থিত নিজা গৃহত শেষ নিশ্বাস ত্যাগ কৰে।।

শিক্ষাবিদ গৰাকী আকস্মিক বিয়োগত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা ,শিক্ষক গোট(কলা)কৰ্মচাৰী সমাজ,মহাবিদ্যালয় পৰিচালনা সমিতি ,ঘিলামৰা নাগৰিক সমাজ,আদি বিভিন্ন ব্যক্তিৰ অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গ লৈ গভীৰ সমবেদনা জনাই