সোণাৰিত আৰক্ষীৰ "হৰ ঘৰ ত্ৰিৰংগা"ৰ সজাগতা।

সোণাৰিত আৰক্ষীৰ সজাগতা , শান্তি আৰু সমন্বয়ৰ পদযাত্ৰা,আজাদি কা অমৃত মহোৎসৱ উপলক্ষে এই ৰেলী।

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আজি চৰাইদেউ আৰক্ষী প্ৰশাসনে জিলা সদৰ সোণাৰি নগৰত শান্তি সজাগতা আৰু - সমন্বয়ৰ পদযাত্ৰা উলিয়ায় । উল্লেখ্য যে দেশে স্বাধীনতা লাভ কৰা ৭৫ বৰ্ষ অতিক্ৰম কৰি ৭৬ বৰ্ষত ভৰি দিব অহা ১৫ আগষ্টত । এই উপলক্ষে জনসাধাৰণক ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰি জিলাখনৰ লগতে ৰাজ্য আৰু দেশত শান্তি , সজাগতা আৰু সমন্বয়ৰ এনাজৰী অটুট ৰখাৰ আহ্বানেৰে আজি দিনৰ প্ৰায় বাৰ বজাত জাতীয় পতাকা লৈ এই পদযাত্রা উলিওৱা হয় । চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা উলিওৱা আৰক্ষীৰ এই পদযাত্ৰা আৰম্ভণি কৰে চৰাইদেউ জিলা আৰক্ষী অধীক্ষক যুৱৰাজে । এই যাত্ৰাত বিশেষকৈ জিলাখনৰ সকলো আৰক্ষী বিষয়া , আৰক্ষী কৰ্মী আৰু প্ৰশিক্ষণৰত আৰক্ষী বেটেলিয়ানৰ জোৱানে অংশগ্ৰহণ কৰে ।