বেংগালুৰুত অনুষ্ঠিত হোৱা বিৰোধী বৈঠকক সুবিধাবাদী আৰু ক্ষমতালোভী নেতাৰ বৈঠক বুলি অভিহিত কৰিছে বিজেপিয়ে। নতুন দিল্লীত সংবাদ মাধ্যমক অৱগত কৰি দলৰ নেতা ৰবি শংকৰ প্ৰসাদে কয় যে দিল্লী ডুব যোৱাৰ সময়ত অৰবিন্দ কেজৰিৱাল বেংগালুৰুলৈ যোৱাটো দুৰ্ভাগ্যজনক। লগতে তেওঁ কয় কংগ্ৰেছ আনকি দিল্লীতো নিমাত।