পূৱ-ঢকুৱাখনা সমবায় সমিতিৰ মাণ্ডলীক সংবাদ মেল আয়োজন

   'পূৱ-ঢকুৱাখনা সমবায় সমিতিৰ একাংশ মাণ্ডলীকৰ সদস্য দিনৰ প্ৰায় ১ বজাত চাউল হৰলুকীৰ সন্দৰ্ভত এখন সংবাদ মেল সম্বোধন কৰে৷সংবাদ মেল যোগে কয় যে যোৱা জুন মাহত সমিতি খনৰ পৰা হৰলুকী হৈছিল প্ৰায় ১১০০ কুইণ্টল চাউল। উক্ত কেলেংকাৰীত সাঙুৰ খাইছিল সমিতি খনৰ সভাপতি ভবেশ দলে আৰু শাসক পক্ষৰ সদস্যসকলৰ নাম। 

    কিন্তু উক্ত কেলেংকাৰীত সভাপতি ভবেশ দলে আৰু সমিতিৰ বিষয়ববীয়াসকল কোনোপধ্যে জড়িত নোহোৱাৰ দাবী।

    যিহেতু সমবায় খনৰ ভঁৰাল ঘৰৰ চাবি-কাঠি আৰু অন্যান্য নথিপত্ৰৰ সম্পূৰ্ণ দায়িত্বত আছিল সচিব ৰঞ্জিত পেগু। তেওঁ নিজ খেয়াল খুচি মতে নিয়োগ কৰে চেলচমেন। সেই সময়তে সংঘটিত হয় এই কেলেংকাৰী।

     ইপিনে যোৱা ২৯ মে'ৰ বৰ্ড সভাত চাউল কেলেংকাৰী হোৱাতো প্ৰমাণিত হয়। সেই কথা সচিব ৰঞ্জিত পেগুৱে স্বীকাৰ কৰি অহা তিনি মাহৰ ভিতৰত হিতাধিকাৰীক চাউল ঘূৰাই দিয়াৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে।

    কিন্তু এইক্ষেত্ৰত বিৰোধী পক্ষই গোটেই সমিতি খন আৰু শাসক পক্ষক জগৰীয়া কৰি গোচৰ তৰাত ক্ষুন্ন হৈ পৰিছে।

     তেওঁলোকৰ মতে- এইক্ষেত্ৰত কেৱল সমবায় খনৰ সচিব ৰঞ্জিত পেগুহে জগৰীয়া। সেই অনুসৰি অসম চৰকাৰে সচিব ৰঞ্জিত পেগুক নিলম্বিত কৰি সমীপৰ 'খেৰকটা সমবায় সমিতি'ৰ পৰা চাউল দিয়াৰ ব্যৱস্থা কৰিছে।

    পুনৰ এজন নতুন সচিব নিযুক্তি নিদিয়া পৰ্যন্ত এনেদৰে চলিব যদিও ৰাইজৰ মাজত প্ৰচাৰ হোৱাৰ দৰে 'পূব ঢকুৱাখনা সমবায় সমিতি'ৰ লাইচেঞ্চ বাতিল কৰা নাই।

    এই কথা ২১০০০ হাজাৰ অংশীদাৰী ৰাইজক সংবাদ মেল যোগে অৱগত কৰিছে।