সমগ্ৰ দেশৰ লগতে আজি ৰহাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উলহ মালহেৰে পালন কৰা হয়।

   আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰহা পতঞ্জলি যোগ সমিতিৰ উদ্যোগত পূৱা ৬.৪৫মিনিটত ৰহা মহেন্দ্ৰ নাথ হাজৰিকা স্মৃতি ভবনত যোগ দিৱস ৰ শুভাৰম্ভ সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভুঞা, প্ৰাক্তন অধ্যক্ষ ভগৱন চন্দ্ৰ গোস্বামী আৰু যোগাচাৰ্য ৰাম নিবাস শৰ্মাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰাৰ পাছত যোগাচাৰ্য ৰাম নিবাস শৰ্মাই ৰহা,চাপৰমুখ,বাৰপুজিয়া ৰ লগতে সমিতিৰ অন্তৰ্গত ১৪টা শাখা শিবিৰৰ পৰা অহা শতাধিক পুৰুষ, মহিলা,যুৱক,যুৱতী সকলক যোগাসন কৰাই।পূবা ৮বজাত সম্পন্ন হোবা যোগ দিৱস ত ৰহা পৌৰসভা পৌৰপতি বন্তি হাজৰিকা, উপ পৌৰপতি অনিমা দাস,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা,ভগৱন চন্দ্ৰ গোস্বামী, ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈ,উপাধ্যক্ষা দ্বিপ্তী দেবী শৰ্মা,ৰহা পতঞ্জলি যোগ সমিতিৰ প্ৰভাৰী ড° লক্ষীধৰ দাস,প্ৰাক্তন প্ৰভাৰী কমল চন্দ্ৰ শৰ্মা ৰ লগতে ৰহা পতঞ্জলি যোগ সমিতি ৰ লগতে ৰহা,চাপৰমুখ, বাৰপুজিয়া,দিঘলদৰী সহ ১৪টা শাখা  শিবিৰৰ পৰা অহা শতাধিক পুৰুষ মহিলা,যুৱক, যুৱতী,প্ৰতিনিধি,প্ৰশিক্ষক আৰু গনমান্য ব্যক্তি উপস্থিত থাকি যোগাসন কৰে।

   লগতে পূবা ৫বজাত ৰহা পঞ্চায়তী ঠাকুৰবাৰী ত ৰহা মাৰবাৰী যুব মঞ্চ ৰ উদ্যোগত অনুষ্ঠিত যোগ দিৱস ত যোগাচাৰ্য ৰাম নিবাস শৰ্মাই যোগাসন কাৰোবাৰ লগতে মাৰবাৰী যুব মঞ্চই গছপুলি ৰুপন কৰে।মাৰবাৰী যুব মঞ্চ,ৰহা  শাখাৰ সভাপতি শিব শৰ্মাই জানিব দিয়ে যে ৰহা মঞ্চ ৰ উদ্যোগত আৰু ৰহা মহাবিদ্যালয়ৰ সহযোগত অহাকালি ৰহা মহাবিদ্যালয়ত ৰক্তদান শিবিৰৰ আয়োজন কৰা হব।