পুনৰ ধৰ্ষণৰ বলি হল এগৰাকী কিশোৰী ৷ এইবাৰ ঘটনাৰ স্থান ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ১নং বৰঙাজুলি৷ একেখন গাঁৱৰে দুই সন্তানৰ পিতৃ অমৰতন বিশ্বাস ওৰফে অমৃত বিশ্বাসে নামৰ পাশণ্ড এটাই ধর্ষণ কৰে ১৪ বছৰীয়া কিশোৰী গৰাকীক।
Sponsored
ধর্ষণৰ কথা ৰাজহুৱা কৰিলে হত্যাৰ ভাবুকি দিয়ে লম্পদ অমৰতন বিশ্বাস ওৰফে অমৃত বিশ্বাসে৷ ফলত কিশোৰী গৰাকী চাৰিমাহ অন্তঃসন্তা হোৱাৰ পিছত হে পোহৰলৈ আহে এই জঘন্য ঘটনাৰ কথা৷
ইতিমধ্যে কিশোৰী গৰাকীৰ পিতৃয়ে ৩ আগষ্টত ডিমাকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আজি পর্যন্ত অপৰাধী গ্রেপ্তাৰ কৰা নাই আৰক্ষীয়ে৷ আৰক্ষীৰ এই ভূমিকাত ক্ষুণ্ণ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ, বিভিন্ন দল সংগঠন ৷
সেয়েহে ধৰ্ষণকাৰীক শীঘ্ৰেই কৰায়ত্ত কৰাৰ দাবী জনালে আদিবাসী ছাত্ৰ সন্থাই