স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে অনুষ্ঠিত হোৱা "আজাদী কা অমৃত মহোৎসৱ'ৰ সংগতি ৰাখি আজি ৰাজগড় আৰু বৰবাম গাঁও পঞ্চায়তৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত এক সজাগতা মূলক শোভাযাত্ৰাত কেবিনেট মন্ত্ৰী বিমল বৰা অংশগ্ৰহণ কৰে।

দুইখন গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধি তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মহিলা সকলৰ নেতৃত্বত বহু সহস্ৰাধিক লোকৰ সমাগমেৰে এই বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ পায় মন্ত্ৰী বৰাই সন্তুষ্টি প্ৰকাশ কৰে।সমগ্ৰ দেশৰ লগতে আমাৰ অসমটো ৭৫তম স্বাধীনতা দিৱসক আদৰাৰ বাবে সম্পূৰ্ণ ৰূপে সকলোৱে সাজু হৈ উঠিছে।