সাহিত্য সাংস্কৃতি ক্ষেত্ৰখনৰ অগ্ৰণী অনুষ্ঠান সাধনা সাহিত্য গোষ্ঠী,টিহু নলবাৰী ৰ দ্বাৰা অনুষ্ঠিত গ্ৰন্থ প্ৰতিযোগিতা ২০২৩ ৰ ফলাফলত ৰহা সৰাগাওঁ নিবাসী,কবি,লেখক,শিক্ষক লক্ষী প্ৰসাদ ডেকা ৰ গ্ৰন্থ "সময়ৰ ঢোয়ে কোবাই যায়"ৰ বাবে গোপাল আতা সাহিত্য বঁটা আজি টিহু সাহিত্য ভবনত গোষ্ঠী ৰ অনুষ্ঠিত বাৰ্ষিক সভাত প্ৰদান কৰা হয়।লগতে গোষ্ঠী ৰ ফালৰ পৰা কেইবাগৰাকী লেখক,কবিলৈ গোপাল আতা সাহিত্য বঁটা, সাধনা সাহিত্য বঁটা, প্ৰবন্ধ সৌৰভ বঁটা আৰু অনিল মল্ল বুজৰ বৰুৱা সোঁবৰনী কাব্য সৌৰভ বঁটা প্ৰদান কৰা হয়।

জানিব পৰা মতে ফেব্ৰুৱাৰী মাহত লক্ষী প্ৰসাদ ডেকা ক সৰুপেটাত পদ্মপ্ৰিয়া সাহিত্য সাংস্কৃতিক গোষ্ঠী ৰ তৰফৰ পৰা জীবনৰ কেকোঁৰিয়ে কেকোঁৰিয়ে কাব্য গ্ৰন্থ ৰ বাবে শব্দ শিল্প বঁটা প্ৰদান কৰা হৈছিল।