জাফা, বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ উদ্যোগত চিলাপথাৰত সাংবাদিক কৰ্মশালা ও সাধাৰণ সভাৰ আয়োজন

শম্ভু দাস,চিলাপথাৰ,৬ ছেপ্টেম্বৰঃ জাৰ্নেলিষ্ট এচোছিয়েশ্যন ফৰ আছাম ধেমাজি জিলা সমিতি বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ যৌথ উদ্যোগত চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ IQAC ৰ সহযোগত অহা ১৬ ছেপ্টেম্বৰত চিলাপথাৰ টাউন মহাবিদ্যালয়ত এখনি সাংবাদিক কৰ্মশালাৰ আয়োজন কৰা হৈছে । উত্তৰ অসমৰ ধেমাজি জিলা খনৰ নতুনচাম সাংবাদিকে সত্যনিষ্ঠ আৰু নিৰপেক্ষ সংবাদ পৰিৱেশন কৰাত সহায়ক হোৱাকৈ তথা সাংবাদিকতাৰ বিভিন্ন দিশসমূহৰ বিষয়ে অৱগত কৰি প্ৰকৃতাৰ্থত একোজন নিৰপেক্ষ সংবাদসেৱী সৃষ্টি কৰা তথা নৱপ্ৰজন্মক সাংবাদিকতাৰ প্ৰতি আকৃষ্ট কৰাৰ লক্ষ্যেৰে এই সাংবাদিক কৰ্মশালা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে । লগতে উক্ত দিনা জাফা ৰ ধেমাজি জিলা সমিতি আৰু বৃহত্তৰ চিচিবৰগাঁও প্ৰেছ ক্লাৱৰ এখন সাধাৰণ সভাও অনুষ্ঠিত কৰা হ'ব । আয়োজক সমিতিয়ে জনোৱামতে অনুষ্ঠিত হবলগীয়া সাংবাদিক কৰ্মশালাত সমলব্যক্তি হিচাপে গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি ভূঞাঁ, লক্ষীপুৰৰ জেষ্ঠ্য সাংবাদিক কুশল শইকীয়া , প্ৰশান্ত মোদক কে ধৰি ভালেসংখ্যক বিশিষ্ট জেষ্ঠ্য সাংবাদিকে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ধেমাজি জিলাৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা কেইবাজনো বিশিষ্ট সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ বাবে দল সংগঠন ব্যক্তি বিশেষ সকলোৱে সহায়-সহযোগিতা আগবঢ়াবলৈ জাফা ধেমাজি জিলা ও বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাৱৰ হৈ বনমালী মহন্ত, ৰাজীৱ দেউৰী আৰু শম্ভু দাসে গোহাৰি জনাইছে।