# ঢকুৱাখনাত মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক নৱকুমাৰ দলেৰ লগতে শতাধিক লোক#

আজি ৩০ এপ্ৰিল তাৰিখে আকাশবাণী যোগে সম্প্ৰচাৰ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে "মন কী বাত"ৰ ১০০ সংখ্যক উপলক্ষে দেওবাৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত এই অনুষ্ঠান অনুষ্ঠিত হয়।সমষ্টিটোৰ পূব ঢকুৱাখনা পঞ্চায়তৰ যোগীসুঁতি জনজাতি হাইস্কুল প্ৰাংগণত এই সন্দৰ্ভত অনুষ্ঠিত কৰা হয় শ্ৰৱণ দৰ্শন অনুষ্ঠান ।২৩৯ নং কপচান বান্দেনা বৰমাটি প্ৰাথমিক বিদ্যালয়, ২৪১ নং যোগীসুঁতি জনজাতি মধ্য ইংৰাজী বিদ্যালয় আৰু ২৪৩ নং বান্দেনা প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰৰ যৌথ উদ্যোগত অনুষ্ঠিত এই ১০০ সংখ্যক অনুষ্ঠানত কেইবা শতাধিক ৰাইজৰ লগতে অংশ গ্ৰহণ কৰে বিধায়ক নৱ কুমাৰ দলে, ঢকুৱাখনা মণ্ডল বিজেপিৰ সভাপতি সুনীল দলে, ঢকুৱাখনা জিলা এছ টি মৰ্চাৰ সম্পাদক বিজয় পেগু, জিলা যুৱ মৰ্চাৰ সদস্য ভাইটি টাইদ আদিয়ে ।

প্ৰধানমন্ত্ৰীৰ বিভিন্ন দিশ সামৰি দেশবাসীক উদ্দেশ্যি প্ৰদান কৰা মননশীল বক্তব্য প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক দলেয়ে "মন কী বাত"ৰ ওপৰত চমু অবলোকণ কৰি বক্তব্য আগবঢ়াই । অনুষ্ঠানত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক ক্ৰমে তাৰানাথ পেগু,হেমকান্ত পেগু ,ফুলন পেগু,নগেন দলে,গিৰিধৰ দলে,নাগেশ্বৰ মিলি,পানীৰাম টাইদ,দিলীপ শইকীয়া,বলিনাথ পেগু,দেবীৰাম দলে,জয়াৱত্তী টাইদ,ৰাজীৱ দলে,ৰাজু দলে,ভোলানাথ দলে,কলমবাশ টাইদ,ৰবি চুংক্ৰাং,বলবাহাদুৰ কুমাল,অৰুণ টাইদ,যোগেশ্বৰ দলে,ডিম্বেশ্বৰ পেগু,সোনাধৰ দলে,টংকেশ্বৰ য়েইন আদি কৰি বহু সংখ্যক ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।