ৰহা হাৰিয়ামুখত কলংপৰিয়া আঞ্চলিক বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ১৬ এপ্ৰিলৰ পৰা ৭ দিনায়া কাৰ্য্যসূচীৰে আৰম্ভ হোবা বিহু কৰ্মশালাৰ শনিবাৰে সফল সমাপন হয়।

  এই উপলক্ষে ৰহা হাৰিয়ামুখ কলং ৰ পাৰত হৰেন কুমাৰ নাথৰ অধ্যক্ষতাত অনুষ্ঠিত হোবা কৰ্মশালা সমাপন সভাত বিশিষ্ট অতিথি ৰূপে নগাঁও জিলা অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ ৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া,প্ৰাক্তন শিক্ষক তথা শিল্পী সুৰেন্দ্ৰ কুমাৰ নাথ উপস্থিত থকাৰ লগতে সমিতিৰ উপদেষ্টা ক্ষিতিষ দাস,হৰিপ্ৰসাদ কলিতা, ইন্দ্ৰ বৰুৱা ৰ লগতে সমিতিৰ সভাপতি হৰিপ্ৰসাদ ৰাজখোৱা, কাৰ্য্যকৰী সভাপতি দ্বীপেন দাস,সম্পাদক দিজেন কলিতা,সহ সম্পাদক অঞ্জন দাস,মুনিন্দ্ৰ ৰাজখোৱা, ডম্বৰু কলিতা,বিনোদ দাস,দুলাল মুদৈ সহ কৰ্মশালাৰ প্ৰশিক্ষক, হাৰিয়ামুখৰ ৰাইজ,কন কন শিশু, যুবক যুবতী ৰ গনমান্য ব্যক্তি উপস্থিত থকাৰ লগতে যুবক যুবতী আৰু কন কন শিশু সকলে বিহু নৃত্য গীত পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।