টিহুৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘গামোচা’ৰ উদ্যোগত টিহু নগৰত দেওবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে থলুৱা বস্ত্ৰৰ এখনি বিশেষ ‘ব’হাগী বস্ত্ৰমেলা’ৰ শুভাৰম্ভ হয় । আমদানিকৃত থলুৱা আৰ্হিৰ নকল বস্ত্ৰ বৰ্জন, প্ৰচলন বন্ধ আৰু থলুৱা বস্ত্ৰ ব্যৱহাৰৰ লক্ষ্যৰে আয়োজিত এই বস্ত্ৰমেলা উদ্বোধন কৰে টিহু ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ চৌধুৰীয়ে । এই উদ্দেশ্যে সৰলা দেৱীৰ পৌৰোহিত্যত হোৱা উদ্ধোধনী সভাত বি এইচ বি মহাবিদ্যালয়ৰ অবসৰী উপাধ্যক্ষা অমিয়া মহন্ত, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প বিষয়া প্ৰিয়ংকা দাস, স্বেচ্ছাসেৱী অনুষ্ঠান "আৰ্হি"ৰ সভাপতি দিব্যজ্যোতি বৰা, সক্ৰিয় সদস্যা ৰুমি গোস্বামী, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অবসৰী শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা হুজুৰী বৰ্মন, ‘গামোচা’ৰ প্ৰতিষ্ঠাপক চন্দ্ৰমোহন দাস আদি কেইবাজনো বিশিষ্ট লোকে অংশ লৈ প্ৰাসংগিক ভাষণ আগবঢ়ায় । স্বেচ্ছাসেৱী অনুষ্ঠান ‘গামোচা’ৰ সম্পাদিকা ববিতা দাসে সভাৰ আঁত ধৰি বস্ত্ৰমেলাৰ উদ্দেশ্য ব্যাখ্যাৰে বহি:ৰাজ্যৰ আমদানিকৃত থলুৱা আৰ্হিৰ নকল হস্ততাঁত বস্ত্ৰৰ প্ৰতিৰোধৰ উদ্দেশ্যে আৰু স্হানীয় শিপিনী সকলক উৎপাদনমুখী কৰাৰ লক্ষ্যৰে আয়োজিত এই ব’হাগী বস্ত্ৰমেলাৰ প্ৰতি সৰ্বস্তৰৰ লোকৰ সহযোগিতা কামনা কৰে । সভাৰ আৰম্ভণিতে যন্ত্ৰচালিত শালত উৎপাদিত নকল আৰু চালানী বস্ত্ৰ (গামোচা, চাদৰ, মেখেলা আদি) বৰ্জন আৰু থলুৱা শিপিনীৰ বস্ত্ৰৰ ব্যবহাৰ কৰাৰ ওপৰত এক সজাগতামূলক শোভাযাত্ৰা উলিয়ায় । উল্লেখ্য যে এই থলুৱা বস্ত্ৰমেলা ১৩ এপ্ৰিললৈ চলিব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
KBC 14: 'কৌন বনেগা কোৰোপতি'ৰ পৰা চ'নীয়ে কিমান উপাৰ্জন কৰে জানেনে ?
◾কৌন বনেগা কোটিপতি (কেবিচি)ৰ নতুন ছিজন। এই সপ্তাহৰ শেষৰ ফালে প্ৰচাৰ হ’ব। দেশৰ অন্যতম...
France का नई दिल्ली के India Gate से क्या कनेक्शन है? मोदी के फ़्रांस दौरे पर क्या हुआ था? G20
France का नई दिल्ली के India Gate से क्या कनेक्शन है? मोदी के फ़्रांस दौरे पर क्या हुआ था? G20
अब घर मे कछुए तोते पालने वालो की खेर नहीं मृत वन्य जीवो के अवशेष भी पाए गए तो होंगी जेल वन विभाग ने जारी किए सुचना नंबर आमजन भी सुचना देकर बन सकता है वन्य जीवो का रक्षक
घर मे यदि पाला हुआ है किसी भी वन्य जीव को तो अब खेर नहीं वन विभाग ने जारी किए सुचना नंबर ...
গোলাঘাটত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গণ অৱস্থান কাৰ্যসূচী
ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষা জাপি দিয়া সিদ্ধান্তৰ বিৰোধিতাৰে গোলাঘাটত অসম...
Xiaomi ग्राहकों के लिए बुरी खबर! कंपनी ने किया एलान, HyperOS में नहीं मिलेगा अब ये पॉपुलर फीचर
Xiaomi ने अपने ग्राहकों के लिए एक लेटेस्ट अपडेट जारी किया है। शाओमी ब्रांड का स्मार्टफोन इस्तेमाल...