টিহুৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘গামোচা’ৰ উদ্যোগত টিহু নগৰত দেওবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে থলুৱা বস্ত্ৰৰ এখনি বিশেষ ‘ব’হাগী বস্ত্ৰমেলা’ৰ শুভাৰম্ভ হয় । আমদানিকৃত থলুৱা আৰ্হিৰ নকল বস্ত্ৰ বৰ্জন, প্ৰচলন বন্ধ আৰু থলুৱা বস্ত্ৰ ব্যৱহাৰৰ লক্ষ্যৰে আয়োজিত এই বস্ত্ৰমেলা উদ্বোধন কৰে টিহু ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ চৌধুৰীয়ে । এই উদ্দেশ্যে সৰলা দেৱীৰ পৌৰোহিত্যত হোৱা উদ্ধোধনী সভাত বি এইচ বি মহাবিদ্যালয়ৰ অবসৰী উপাধ্যক্ষা অমিয়া মহন্ত, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প বিষয়া প্ৰিয়ংকা দাস, স্বেচ্ছাসেৱী অনুষ্ঠান "আৰ্হি"ৰ সভাপতি দিব্যজ্যোতি বৰা, সক্ৰিয় সদস্যা ৰুমি গোস্বামী, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অবসৰী শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা হুজুৰী বৰ্মন, ‘গামোচা’ৰ প্ৰতিষ্ঠাপক চন্দ্ৰমোহন দাস আদি কেইবাজনো বিশিষ্ট লোকে অংশ লৈ প্ৰাসংগিক ভাষণ আগবঢ়ায় । স্বেচ্ছাসেৱী অনুষ্ঠান ‘গামোচা’ৰ সম্পাদিকা ববিতা দাসে সভাৰ আঁত ধৰি বস্ত্ৰমেলাৰ উদ্দেশ্য ব্যাখ্যাৰে বহি:ৰাজ্যৰ আমদানিকৃত থলুৱা আৰ্হিৰ নকল হস্ততাঁত বস্ত্ৰৰ প্ৰতিৰোধৰ উদ্দেশ্যে আৰু স্হানীয় শিপিনী সকলক উৎপাদনমুখী কৰাৰ লক্ষ্যৰে আয়োজিত এই ব’হাগী বস্ত্ৰমেলাৰ প্ৰতি সৰ্বস্তৰৰ লোকৰ সহযোগিতা কামনা কৰে । সভাৰ আৰম্ভণিতে যন্ত্ৰচালিত শালত উৎপাদিত নকল আৰু চালানী বস্ত্ৰ (গামোচা, চাদৰ, মেখেলা আদি) বৰ্জন আৰু থলুৱা শিপিনীৰ বস্ত্ৰৰ ব্যবহাৰ কৰাৰ ওপৰত এক সজাগতামূলক শোভাযাত্ৰা উলিয়ায় । উল্লেখ্য যে এই থলুৱা বস্ত্ৰমেলা ১৩ এপ্ৰিললৈ চলিব ।