শিৱসাগৰ জিলাৰ আগন্তুক স্বাস্থ্যমেলাৰ সন্দৰ্ভত থাওৰা আৰু নাজিৰাৰ বিধায়কক সাক্ষাৎ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ ৷ শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াক ১১ ছেপ্তেম্বৰ, বৃহস্পতিবাৰে জিলাখনৰ সমষ্টি ভিত্তিক বৃহৎ স্বাস্থ্যমেলাৰ সন্দৰ্ভত সাক্ষাৎ কৰে শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে ৷ উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি শিৱসাগৰ জিলাৰ তিনিটা বিধানসভা সমষ্টিত তিনিখনকৈ বৃহৎ স্বাস্থ্যমেলা অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত বৃহস্পতিবাৰে জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াক সাক্ষাৎ কৰি বৃহৎ স্বাস্থ্য মেলাখনৰ স্থান সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰে। লগতে যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে দুয়োগৰাকী বিধায়কৰ সন্মুখত স্বাস্থ্যমেলাৰ আয়োজন সম্পৰ্কেও এক খতিয়ান দাঙি ধৰে ৷ এই বৈঠকত মিলিত হয় গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মহকুমা বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ, জিলা যক্ষ্মা বিষয়া ডাঃ দ্বিজেন কোঁচ আৰু গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসা বিষয়া তথা চিকিৎসক ডাঃ সৌভিক ভট্টাচাৰ্য৷ এই সভাৰ সিদ্ধান্ত অনুসৰি নাজিৰা বিধানসভা সমষ্টিৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা ২৬ ছেপ্তেম্বৰ তাৰিখে এই বৃহৎ স্বাস্থ্য মেলাখন অনুষ্ঠিত হ'ব ৷ আনফালে থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইক সাক্ষাৎ কৰি নিৰ্দ্ধাৰিত স্থান অনুসৰি অহা ১৯ ছেপ্তেম্বৰত ডিমৌ বিধানসভা সমষ্টিৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প(ডিমৌ নাট্য মন্দিৰ)ত অনুষ্ঠিত হ'ব। এই বৈঠকত উপস্থিত আছিল যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতা, ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাঃ বিজিৎ বৰা, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ ৰূপম বৰকাকতী, জিলা যক্ষ্মা বিষয়া ডাঃ দ্বিজেন কোঁচ, জিলা আঁচনি প্ৰৱন্ধক ধ্ৰুৱ জ্যোতি শইকীয়া আৰু আমগুৰি বিধানসভা সমষ্টিৰ গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰীয়েল ইনষ্টিটিউটত অহা ৪ অক্টোবৰ তাৰিখে বৃহৎ স্বাস্থ্যমেলা অনুষ্ঠিত হ'ব। ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্থানসমূহ পৰিদৰ্শন কৰা হৈছে । এই স্থানসমূহত আয়োজিত হ'বলগীয়া স্বাস্থ্য মেলাত ১৮ বছৰৰ তলৰ শিশুসকলক সামৰি লোৱা হ'ব। শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ আৰু জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিয়া অনুসৰি এই শিবিৰৰ উদ্দেশ্য হৈছে, জন্মগত হৃদৰোগ, চকু আৰু কাণৰ বিকাৰ, জিন সম্পৰ্কীয় বিকাৰ, স্নায়ুজনিত বিকাৰ আদি মুঠ ৫০ত কৈও অধিক স্বাস্থ্যজনিত অৱস্থাৰ পৰীক্ষা কৰা। কোনো ৰুগীয়া শিশু যাতে এই মেগা স্বাস্থ্যমেলাৰ সুবিধাৰ পৰা বাদ পৰি নাযায় তাৰ বাবে সকলোকে নিজৰ ভূমিকা আৰু দায়িত্ব সক্রিয়ভাৱে পালন কৰিবলৈ শিৱসাগৰ জিলা আয়ুক্ত আয়ুস গাৰ্গে বিভাগীয় কৰ্তৃপক্ষক নির্দেশ দিছে ৷