খোৱাং মহাবিদ্যালয় আৰু যোগমায়া বড়া স্মাৰক শৈক্ষিক ন্যাস সমিতিৰ যুটীয়া উদ্যোগত আজি ৮ এপ্ৰিল তাৰিখে "যুৱ ২০ আৰু একবিংশ শতিকাৰ পৃথিৱীঃ এক প্ৰত্যাশাৰ ভৱিষ্যত" শীৰ্ষক বিষয়ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠাপক অধ্যক্ষ শিৱ কুমাৰ সিংহ বক্তৃতানুষ্ঠানটি অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ত্ৰৈলোক্য দিহিঙীয়াৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য বক্তৃতাটি প্ৰদান কৰি বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই। লগতে অনুষ্ঠানত উপস্থিত থকা মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰ গগৈয়ে G 20 আৰু Y 20 সম্পৰ্কত সাম্প্ৰতিক চৰকাৰৰ দৃষ্টিভংগী সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পূৰ্বে মূৰ্চ্ছনা বড়াৰ বৰগীত পৰিবেশনেৰে আৰম্ভ হোৱা প্ৰয়াত সিংহদেৱৰ স্মৃতিচাৰণ সভাত কৃতি শিক্ষক মনবাহাদুৰ ছেত্ৰীয়ে মুখ্য স্মৃতিচাৰক ভূমিকাৰে খোৱাং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গৰাকীৰ জীৱন আৰু কৃতিৰ বিষয়ে বক্তব্য আগবঢ়ায়। খোৱাং মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক যতীন কোঁৱৰে আঁত ধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা যুটীয়া উদ্যোক্তা ড° বিনোদ চন্দ্ৰ বড়াই সমূহ অভ্যাগতকে আদৰণি জনায় আৰু উপাধ্যক্ষা দিপালী শইকীয়াই বক্তৃতানুষ্ঠানটিৰ শুভাৰম্ভ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
इन Android फोन में नहीं चलेगा अब Google Chrome और Calendar, जानिए क्यों होने जा रहा है ऐसा
अगर आप भी अपने एंड्रॉइड फोन में सर्च इंजन क्रोम और कैलेंडर का इस्तेमाल कर रहे हैं तो ये जानकारी...
દાંતીવાડા કોલોની વિસ્તારમાં તસ્કરો ચોરી કરતાં ના સીસીટીવી ફૂટેજ આવ્યા સામે || JKS NEWS
દાંતીવાડા કોલોની વિસ્તારમાં તસ્કરો ચોરી કરતાં ના સીસીટીવી ફૂટેજ આવ્યા સામે || JKS NEWS
કોંગ્રેસના ધારાસભ્ય લલિત વસોયાની જીબ લપસી કે પછી...? #sms @social media sandesh live india news
કોંગ્રેસના ધારાસભ્ય લલિત વસોયાની જીબ લપસી કે પછી...? #sms @social media sandesh live india news