উদণ্ড নিচাসক্ত যুৱকৰ বাইকৰ খুন্দাত এজন চাইকেল আৰোহী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা ঘটনাকলৈ যোৱা নিশা তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।ঘটনাটো সংঘটিত হয় দৰং জিলাৰ নামখলাত।
AS -13P -1461 নম্বৰ মটৰ চাইকেলেৰে দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ছিপাঝাৰ বালিপাৰাৰ যুৱক দ্বয় ক্ৰমে তাৰিফুল হাচান আৰু মাচুম আলম শইকীয়াক ৰাইজে খেদি খেদি আটক কৰি আৰক্ষীক গতাই দিয়ে। আনহাতে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গজেন ডেকাক ১০৮ সেৱাৰ জৰিয়তে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
অঞ্চলটোত পাথৰিঘাট আৰক্ষীৰ নিস্ক্ৰিয়তাৰ সুযোগতে সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি উত্তপ্ত ৰাইজে আৰক্ষীক জবাবদিহি কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে ২৪ জুলাইত এটা পথ দুৰ্ঘটনাত নামখলাৰ এজন যুৱকে উদণ্ড বাইক চালকৰ হাতত প্ৰাণ হেৰুৱাব লগীয়াত পৰিছিল।