টিংখাঙৰ ২ নং দিঘলীয়া গাঁৱত আজি এআইইউডিএফৰ মুৰব্বী তথা সাংসদ বদৰউদ্দিন আজমল, বিধায়ক কৰিম উদ্দিন আহমেদসহ এটা দল টিংখাঙৰ ২ নং দিঘলীয়ালৈ এক বিশেষ উদ্দেশ্যে লৈ উপস্থিত হয়হি । উল্লেখযোগ্য যে হোজাইৰ বদৰুদ্দিন আজমলৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফৰ দ্বাৰা পৰিচালিত মৰ্কজুল একাডেমীত বিগত তিনি বছৰ ধৰি অধ্যয়নৰত আছিল টিংখাঙৰ দুই নং দীঘলীয়া গাঁৱৰ মেধাৱী ছাত্ৰ ফাৰহাচ হুছেইনে । কিন্তু দশম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্র জন কেইদিনমানৰ আগতে
ৰহস্যজনকভাৱে এটা পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ। যাৰ বাবে আজি একাডেমী খনৰ কতৃপ্যক্ষসহ এআইইউডিএফৰ মুৰব্বী গৰাকীয়ে টিংখাঙৰ মৃত ছাত্র জনৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনোৱাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত কৰা হব বুলি দাবী কৰাৰ লগতে এই ক্ষেত্ৰত পৰিয়ালে বিচাৰিলে যি কোনো তদন্তৰ ক্ষেত্ৰতো তেওঁ সহায় কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে । আনহাতে ছাত্ৰ জনৰ পৰিয়ালৰ লোকে ছাত্র জনৰ অকাল মৃত্যুক সহজভাৱে লব পৰা নাছিল। এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছিল যদিও আজি বদৰ উদ্দিন আজমলৰ উপস্থিতি আৰু তেওঁ ঘটনাৰ সন্দৰ্ভত পৰিয়ালে বিচাৰিলে যিকোনো ন্যায়িক তদন্তত সহায় কৰাৰ আশ্বাস প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।