তেজপুৰত ভুৱা খাকী পোছাকধাৰী আটক৷ ধৃত ভুৱা পুলিচটোৰ নাম পংকজ হাজৰিকা৷ ঘৰ ধেমাজিত৷ তেজপুৰ পৰোৱাত নিশা হঠাৎ আবিৰ্ভাৱ হয় ভুৱা পুলিচৰ৷
সঁচা পুলিচৰ মাজত সোমাই আনকি জৰিমনাও বিহে হেলমেট পৰিধান নকৰা বাইক আৰোহীক৷ ঘটনাস্থলীত সন্দেহ ওপজে তালাচীত নিয়োজিত মহাভৈৰৱ আৰক্ষীৰ৷ নিজকে মহাভৈৰৱ আৰক্ষী চকীৰ ASI বুলি পৰিচয় দিয়ে খোদ মহাভৈৰৱ আৰক্ষীকে৷
পিছত ই-ৰিক্সাত পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ পোছাকতে হাতেলোতে আটক কৰে আৰক্ষীয়ে৷ ধৃত ভুৱা ASI ৰ বিৰুদ্ধে মাজুলি, যোৰহাটকে ধৰি বিভিন্ন থানাত ঠগ-প্ৰৱঞ্চনাৰ গোচৰ পঞ্জীয়ন হৈ আছে৷ তেজপুৰত প্ৰৱঞ্চনাৰ জাল পেলাওঁতে খাকী পোছাকধাৰীৰ হাতত আটক হ'ল ভু্ৱা খাকী পোছাকধাৰী৷ ধৃত পংকজ ক এই মুহুৰ্তত আৰক্ষীয়ে জেৰা চলাই আছে৷ গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এপিজে আব্দুল কালামৰ স'তে সম্পাদনা কৰা ফটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷