নলবাৰী জিলাৰ কৈঠালকুছিত মিলন সংঘ,কৃষ্টি কলা যুৱ সংঘ,বিষ্ণুজ্যোতি সংস্থা
কৈঠালকুছিৰ উদ্যোগত আৰু শংকৰদেৱ শিশু নিকেতন কৈঠালকুছিৰ সহযোগত আৰু অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ নেতৃত্বত অনুষ্ঠিত বিহু কৰ্মশালাত আজি উপস্থিত হয় অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দ্বীপলিনা ডেকা।সীমান্ত শেখৰৰ নেতৃত্বত কৈঠালকুছিত ৫দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বিহু নাচ আৰু বিহু ঢোলৰ কৰ্মশালা।আজি দ্বিতীয় দিনটোত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দ্বীপলিনা ডেকাই কৰ্মশালাত উপস্থিত হৈ ঢোলৰ চেৱে চেৱে এপাক বিহু নাচি আত্মহাৰা হৈ পৰে।বিহুত সাংস্কৃতিক অনুষ্ঠান ১৪এপ্ৰিলৰ পৰা অংশগ্ৰহণ কৰিব বুলি কন্ঠশিল্পী দ্বীপলিনাই মত প্ৰকাশ কৰে।