নলবাৰী জিলাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰজাৰত আৰণ্যক ফুড প্ৰডাক্ট নামেৰে এটি ক্ষুদ্ৰ আচাৰৰ ব্ৰেণ্ড খুলি জনপ্ৰিয়তা অৰ্জন কৰা যুৱ উদ্যোগী প্ৰণামী হালৈৰ বাসগৃহত আজি উপস্থিত হয় অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায় । 

অতি মেধাবী প্ৰণামীয়ে শিক্ষা গ্ৰহণৰ সমানে সমানে চাৰি হাজাৰ টকা মূলধনেৰে যোৱা বছৰ আৰম্ভ কৰিছিল আৰণ্যক ফুড প্ৰডাক্ট নামেৰে আচাৰ উদ্যোগটো । মনৰ দৃঢ়তা আৰু কষ্টৰ ফলত এটা বছৰতে ৫ লাখ টকা উপাৰ্জনেৰে প্ৰণামী হৈ পৰিছে সফল উদ্যোগী । সম্পূৰ্ণ থলুৱা পদ্ধতিৰে মছলা উৎপাদন কৰি বিভিন্ন জুতিলগা আচাৰ তৈয়াৰ কৰি আহিছে যুৱতীগৰাকীয়ে । 

আজি প্ৰণামী হালৈৰ বাসগৃহত থকা আচাৰ উদ্যোগটো পৰিদৰ্শন কৰি তেওঁক অভিনন্দন জ্ঞাপন কৰে অসম ক্ষুদ্ৰ উদ্যোগ আৰু উন্নয়ন নিগমৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কিশোৰ কুমাৰ উপাধ্যায়ে । নতুন ক্ষুদ্ৰ উদ্যোগীসকলক এইদৰে উৎসাহ দিয়া কাৰ্যৰ বাবে প্ৰণামী হালৈয়ে ক্ষুদ্ৰ উদ্যোগ নিগমৰ অধ্যক্ষক ধন্যবাদ জ্ঞাপন কৰে ।