বিশ্বনাথ চাৰিআলিৰ ধৰ্মশালাত বিশ্বনাথ গোৰ্খা মহিলা সকলৰ সৌজ্যনত আয়োজন কৰা দুদিনীয়া তীজ উৎসৱৰ আজি সফল সামৰণি পৰে। বিগত বৰ্ষৰ দৰে এই বছৰ মহিলা সকলে অতি উলহ মালহৰে অষ্টম বাৰ্ষিক তীজ উৎসৱ পালন কৰে । পৰম্পৰাগত নিয়ম অনুসৰি বিবাহ হৈ যোৱা জীয়ৰীক স্বামীগৃহৰ পৰা পিতৃৰ পৰিয়ালৰ লোকে পিতৃগৃহ লৈ আনে আৰু সম্প্ৰদায়ৰ মহিলা সকলে পৱিত্ৰ ভাদ মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিৰ নিশা সুস্বাদু ব্যঞ্জনেৰে তৃপ্তিৰ এসাজ খোৱাই। পিছদিনা তৃতীয় তিথিত বিবাহিত-অবিবাহিত মহিলাই স্বামী আৰু পৰিয়ালৰ সকলো সদস্যৰ কুশল- মংগল কামনা কৰি এটুপি পানীও নোখোৱাকৈ ওৰে দিন ব্ৰতত থাকি শিৱ-পাৰ্বতীৰ উপাসনা কৰি পূজা-অৰ্চনা কৰে। বিশ্বনাথ চহৰাঞ্চলৰ ৭০ গৰাকীৰ অধিক মহিলা একগোট হৈ বিশ্বনাথ চহৰৰ ধৰ্মশালাত সমজুৱাকৈ ধৰ্মীয় অনুষ্ঠানভাগ আয়োজন কৰে। এই ধৰ্মীয় নীতি-নিয়মমতে বিশিষ্ট সংস্কৃত পণ্ডিত লোকনাথ শাস্ত্ৰীয়ে সহকৰ্মী দূৰ্গা উপাধ্যায়ৰ সহযোগত সম্পাদন কৰে। নেপালী সমন্বয় সমিতিৰ অধিনস্থ তীজ উদযাপন উপ সমিতিৰ সভানেত্রী শীলা পাঠক গৌতম আৰু সম্পাদিকা পূৰ্ণিমা পোখ্ৰেলৰ নেতৃত্বত আয়োজিত এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে অংশ গ্রহণ কৰে ভাৰত চৰকাৰৰ উত্তৰ-পূৱ কৃষি যন্ত্র প্ৰশিক্ষণ আৰু পৰীক্ষণ প্ৰতিষ্ঠানৰ নিৰ্দেশক ডঃ পি পি ৰাও লগতে প্ৰসন্না ৰাও আৰু কৃষি অভিযন্তা শশীকান্ত গোৰখ পাৱাৰে । ইয়াৰোপৰি,বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মাই এই অনুষ্ঠানত উপস্থিত থাকি তীজ পালনৰ ঐতিহাসিক পৰম্পৰাৰ বিষয়ে সুন্দৰভাৱে অৱগত কৰে। বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ অধ্যাপক ডঃ ভক্ত প্ৰসাদ গৌতমে বিশ্বনাথ চহৰাঞ্চতলত ২০১৩ চনৰ পৰাই এনেদৰে সমুহীয়াকৈ তীজ উৎসৱ পালন কৰি অহা হৈছে বলি উল্লেখ কৰি মহিলা সকলৰ এনে প্ৰয়াস শলাগ লয় আৰু সমিলমিলেৰে বৃহত্তৰ অসমীয়া জাতি গঠনত গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলৰ অৱদান কৰাত ব্যৰ্থ বিষয়ে বক্তব্য আগ বঢ়ায়। এই অনুষ্ঠানত ৮০ বছৰ উৰ্ধৰ চাৰিগৰাকী বৰ্ষীয়ান মহিলা ক্ৰমে সাবিত্ৰা দেৱী, ডম্বৰ কুমাৰী দেৱী, ভদ্ৰশীলা দেৱী আৰু দেন মায়া দেৱীক সম্বৰ্দ্ধনা জনোৱা হয়। ধৰ্মীয় কাৰ্য্যসূচীৰ অন্তত মহিলা সকলে গীত-নৃত্য পৰিবেশন কৰে।ধৰ্মীয় পৰম্পৰা আৰু লোক সংস্কৃতিৰ সংমিশ্রণ তীজ উৎসৱটিৰ অন্যতম বৈশিষ্ট, সেয়েহে এই উৎসৱটিক ধৰ্মীয়-সাংস্কৃতিক উৎসৱ বুলিও কোৱা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શિનોર તાલુકા ના સાધલી ગામે ભાઈ બહેન નો પ્રવિત્ર તહેવાર એટલે રક્ષાબંધન હોવાથી બજારો મા ગ્રાહકો ઉમટી
શિનોર તાલુકા ના સાધલી ગામે ભાઈ બહેન નો પ્રવિત્ર તહેવાર એટલે રક્ષાબંધન હોવાથી બજારો મા ગ્રાહકો ઉમટી
Mixed Martial Arts Pakistan: पाकिस्तान की औरतों में बढ़ता 'एमएमए' का क्रेज़ (BBC Hindi)
Mixed Martial Arts Pakistan: पाकिस्तान की औरतों में बढ़ता 'एमएमए' का क्रेज़ (BBC Hindi)
१२ वी नंतर इथे करिअरच्या संधी ! l Short News Marathi l
१२ वी नंतर इथे करिअरच्या संधी ! l Short News Marathi l
માધવપુર રોડ પર ભાદરપુલ પર ટ્રક ચાલકે એક મોટરસાયકલને અડફેટે લીધી
માધવપુર રોડ પર ભાદરપુલ પર ટ્રક ચાલકે એક મોટરસાયકલને અડફેટે લીધી