ৰৌতাৰ এটি পৰিয়ালৰ ঘৰত কান্দোনত ৰোল। 

সোণাপুৰৰ দিছাং ৰিজৰ্টত ৰহস্যজনক মৃত্যু ওদালগুৰিৰ ৰৌতাৰ খিলেশ্বৰ শৰ্মা (২৩) নামৰ যুৱক জনৰ। ৩১ অক্টোবৰত ৰিজৰ্টৰ ওপৰ মহলাৰ পৰা পৰি মৃত্যু হোৱা বুলি পৰিয়ালক খবৰ দিয়ে ৰিজৰ্ট কতৃপক্ষয়। যুৱক জনক হত্যা কৰাৰ অভিযোগ কৰি ইতিমধ্যে সোণাপুৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজ তথা ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাই। তিনিদিনৰ ভিতৰত দোষীক কৰায়ক্ত নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিয়ে সংগঠনটোৱে।