গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত বাঘৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত গৰ্ভৱতী মহিলাকে ধৰি তিনিজন। আহত তিনিজনক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত টেঙানীত বাঘৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত হয় এগৰাকী গৰ্ভৱতী মহিলা সহ তিনিজন। ঘটনাৰ বিবৰণ অনুসৰি ধনশিৰি মহকুমাৰ টেঙানী ১ নং কেকুৰী গাঁৱত এগৰাকী গৰ্ভৱতী মহিলাই গৰু বান্ধিবলৈ যোৱাৰ সময়তে হঠাৎ এটা বাঘে মহিলা গৰাকীক আক্ৰমণ কৰে ঠিক সেই সময়তে ওচৰৰ বাগিচাত কাম কৰি থকা মহিলা গৰাকীৰ ভায়েকে দৌৰি আহি বচাবলৈ চেষ্টা কৰোতে তেখেতকো আক্ৰমণ কৰে। ইয়াৰ পাছতে বাঘটোয়ে আক্ৰমণ কৰে আন এজন লোকক। উক্ত ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত তিনিজনক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই। আহত হোৱা লোক কেইজন ক্ৰমে পিংঙ্কি শইকীয়া, মাইনা শইকীয়া আৰু যোগেন শইকীয়া। ইয়াৰে যোগেন শইকীয়া নামৰ লোকজন অধিক সংকটজনক বুলি জানিব পৰা গৈছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়া আতংকৰ সৃষ্টি হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वेयरहाउस चल रहे निर्माण कार्य में घटिया किस्म का मटेरियल एवं गुणवत्ता विहिन कार्य किए जाने के आरोप लगाते हुए किया पत्राचार
👉 *गुनौर विधायक शिवदयाल बागरी ने बड़ागांव वेयरहाउस चल रहे निर्माण कार्य में घटिया किस्म का...
बाइडन के हटते ही कमला हैरिस की लगी लॉटरी, एक दिन में ही जुटाए 100 मिलियन डॉलर; समर्थन में उतरे दिग्गज बिजनेसमैन
वॉशिंगटन। अमेरिका के राष्ट्रपति जो बाइडन राष्ट्रपति चुनाव की रेस से बाहर हो चुके हैं।...
રથયાત્રા પૂર્વે છેલ્લા 1વર્ષથી પ્રિએકટીવેટેડ સિમકાર્ડ ડિલરની નરોડા ખાતેથી ધરપકડ કરતી ક્રાઈમ બ્રાન્ચ
રથયાત્રા પૂર્વે છેલ્લા 1વર્ષથી પ્રિએકટીવેટેડ સિમકાર્ડ ડિલરની નરોડા ખાતેથી ધરપકડ કરતી ક્રાઈમ બ્રાન્ચ
Abdullahs, Muftis and Gandhi-Nehru family kept J&K on the boil to deprive the people of development : These three families promoted terrorism and violence.
Under the leadership of Prime Minister Modi, India's economy moved from 11th place to 5th place...
खासदार राहुल गांधी यांचे शुक्रवारी जिल्ह्यात होणार आगमन, जिल्ह्यात तगडा पोलीस बंदोबस्त
खासदार राहुल गांधी यांचे शुक्रवारी जिल्ह्यात होणार आगमन, जिल्ह्यात तगडा पोलीस बंदोबस्त