সৃষ্টিৰ এক পৰিচয় থাকে । সেই পৰিচয় লুকাই থাকিলেও এদিন প্ৰতিফলিত হয় । তেনে এক পৰিচয়ে পোহৰলৈ আহিছে মৰাণৰ সমীপৰ খোৱাঙত । দুজোপা গছৰ সৃষ্টিৰ আঁ‌ৰৰ খবৰ পোহৰলৈ আনিছে খোৱাঙৰ কেইজনমান বয়োজ্যেষ্ঠ  ব্যক্তিয়ে । খোৱাঙৰ সোনোৱাল বঙালী গাঁৱৰ স্থায়ী দুৰ্গা মন্দিৰৰ কাষতে থকা এজোপা আম গছ আৰু এজোপা আঁ‌হত গছক লৈ ৰাইজ আজিও গৌৰৱান্বিত । কাৰণ গছ দুজোপা ৰোপণ কৰিছিল দুজন স্বনামধন্য ব্যক্তিয়ে । ইয়াৰে আম গছ জোপা মহাত্মা গান্ধীয়ে আৰু আঁ‌হত গছ জোপা ৰোপণ কৰিছিল জৱাহৰলাল নেহেৰুৱে । ১৯৪০ চনত দুয়োজন ব্যক্তিয়ে গছ দুজোপা ৰোপণ কৰা বুলি বয়োজ্যেষ্ঠ লোক সকলৰ মাজত কথিত আছে  । যাৰ বাবে গাঁৱৰ বাসিন্দা সকলে এখন টাস্ক বৰ্ডৰ কমিটি গঠন কৰি গছ দুজোপা সংৰক্ষণ কৰি ৰাখিছিল । বহু বয়স গৰকা গছ দুজোপা সংৰক্ষণক লৈ উদাসীন চৰকাৰ কিম্বা সংশিষ্ট বিভাগ । ৰাইজে গঠন কৰা সেই টাস্ক বৰ্ড খন বৰ্তমান নিষ্ক্ৰিয় হোৱাৰ লগতে ধনৰ অভাৱত সংৰক্ষণ কৰিব পৰা নাই গাঁৱৰ লোকসকলে । অলাগতিয়াল লটাৰে আৱৰিছে ঐতিহাসিক গছ দুজোপা । ৰাইজে  সেয়ে  চৰকাৰক আহ্বান জনাইছে এই দুয়োজনা মহান ব্যাক্তিয়ে ৰোপণ কৰা গছ দুজোপা সংৰক্ষণ কৰিবলৈ । গাঁওবাসীৰ আশা, গছ দুজোপাৰ লগতে  স্থানতো যদি সুন্দৰকৈ সজাই  তোলা হয়, তেন্তে পৰ্যটন কেন্দ্ৰবিন্দু হোৱাৰো স্থল আছে