আজি নাজিৰা মহকুমাৰ অন্তৰ্গত  মাদুৰিত মহীয়সী জয়মতীৰ "স্মৃতি ক্ষেত্ৰ"ৰ আধাৰ শিলা স্থাপন কৰা হয় ।

অসম চৰকাৰৰ আহোম জনগোষ্ঠী উন্নয়ন পুঁজি সমিতিৰ উদ্যোগত লগতে জয়মতী স্মৃতি দিৱস স্থায়ী সমিতি, বৃহত্তৰ মাদুৰি,মেছাগড়, মঠিয়াছিগাবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠৰ সহযোগত কেন্দ্ৰীয়ভাৱে মহীয়সী জয়মতীৰ জন্মস্থান মাদুৰিত "৩৪৪ সংখ্যক মহীয়সী জয়মতী স্মৃতি দিৱস" দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। 

এই কাৰ্যসূচীত অসম চৰকাৰৰ জলসম্পদ, তথ্য ও জনসংযোগ, সংসদীয় পৰিক্ৰমা,সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী শ্ৰী পিযুষ হাজৰিকা মহোদয় আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহীয়সী জয়মতীৰ "স্মৃতি ক্ষেত্ৰ"ৰ আধাৰশিলা স্থাপন কৰে। 

সতী - জয়মতীৰ আত্মত্যাগ, অদম্য সাহস , দেশ আৰু স্বজাতিৰ প্ৰতি থকা প্ৰেমৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী মহোদয়ে কয় যে, " জয়মতী কুঁৱৰী সকলো সময়তে আমাৰ সমাজৰ আদৰ্শ আৰু প্ৰেৰণা, তেওঁৰ ত্যাগ আছিল দেশ উদ্ধাৰৰ বাবে কৰা ত্যাগ । স্বাধীনতা সংগ্ৰামী সকলৰ বাবে সতী জয়মতী আছিল সাহসৰ প্ৰেৰণাস্বৰূপ।" লগতে তেখেতে উল্লেখ কৰে যে ৰাজ্য খনৰ ঐতিহ্য ৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰ সদায় প্ৰতিশ্ৰুতি বদ্ধ। 

উক্ত সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰী যোগেন মহন, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী সুশান্ত বৰগোহাঞিকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি, বুৰঞ্জীবিদ,বিভিন্ন দল সংগঠৰ প্ৰতিনিধি সকল, সমাজকৰ্মী সকল, ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ সেৱী সকল আৰু গৰিষ্ঠ সংখ্যক স্থানীয় লোক উপস্থিত থাকে।