বাক্সাৰ জিলাৰ গোৱৰ্দ্ধনা উন্নয়ন খণ্ডৰ অন্তৰ্গত ছলিকান্দাত বুনমাজা ভিচিডিচিৰ কাৰ্য্যলয়ৰ নামত দূৰ্নীতিৰ অভিযোগ তুলি প্ৰতিবাদ ৰাইজৰ।

বুনমাজা ভিচিডিচিৰ অধ্যক্ষক অৱগত নকৰি ঠিকাদাৰে নিজ ইচ্ছা মতে বেলেগ ঠাইত কাৰ্য্যালয় নিৰ্মাণৰ অভিযোগ ৰাইজৰ ।

উল্লেখযোগ্য যে ৰাইজে বুনমাজা ভিচিডিচিৰ কাৰ্য্যালয় নিৰ্মাণৰ বাবে বুনমাজা পাথাৰত estimate ধৰি দিছিল ।

কিন্তু ঠিকাদাৰে বুনমাজা পাথাৰত কাৰ্য্যালয় নিৰ্মাণৰ কৰাৰ সলনি অটাগাঁৱত নিৰ্মাণ কৰি আছে বুলি জানিবলৈ দিয়ে।

যাৰ ফলত ৰাইজে অতিষ্ঠ হৈ ওলাই আহি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। 

বুনমাজা ভিচিডিচিৰ অফিচ আমাৰ ইয়াত লাগিবই আদি ভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলে ।এই প্ৰতিবাদৰ জৰিয়তে ৰাইজে প্ৰমোদ বড়ো আৰু গোৱিন্দ বসমুতাৰীক অফিচ খনক নতুনকৈ আৱন্টন দি বুনমাজা পাথাৰত নিৰ্মাণৰ দাবী জনায় ।

অন্যথা ৰাইজে ভয়াবহ গনতান্ত্ৰীক আন্দোলনৰ হুংকাৰ প্ৰদান।