ৰহা সূৰ্যবতী শাখা সাহিত্য সভা ৰ দ্বি বাৰ্ষিক অধিবেশন অহাকালি ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ত এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হব।

      ৰহা সূৰ্যবতী শাখা সাহিত্য সভা ৰ সভানেত্ৰী তুলুপ্ৰভা শইকীয়া আৰু সম্পাদিকা ৰুনুমী বৰাই জনাই যে পূবা ৮ বজাত পতাকা উওোলন, বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন ৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰ স্মৃতি দিৱস উপলক্ষে সাহিত্য দিৱস পালন কৰি সাহিত্যৰথী ৰ প্ৰতিচ্ছবি ত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰা হব।

   ১১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হব।

মুকলি সভাত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰান কুমাৰ বৰুৱা মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ লগতে নিদিষ্ট বক্তা ৰুপে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পদুম ৰাজখোৱা আৰু বিশিষ্ট অতিথি ৰূপে কেইবাজন গনমান্য ব্যক্তি উপস্থিত থাকিব।

লগতে সভাত শাখাৰ পত্ৰিকা উন্মোচন কৰিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত আৰু অঘাইতং দলৰ অভিযান নামৰ গ্ৰন্থৰ উন্মোচন কৰিব শিক্ষয়ত্ৰী তথা শিশু সাহিত্যিক কাৰুন্য ভট্টাচাৰ্য আৰু অকনিৰ সাধুৰ উন্মোচন কৰিব ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ।লগতে পুৰ্বৰ দৰে এইবাৰো তিনিগৰাকী শিক্ষয়ত্ৰী তথা সামাজিক দায়বদ্ধতা থকা নিপুন মহিলাক সম্বৰ্ধনা জনোৱা হব।