তিতাবৰৰ জৱাহৰ নবোদয় বিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰই ৰেগিংৰ নামত কণিষ্ঠ ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাবে আহত কৰা এক ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । ভুক্তভোগী শিক্ষাৰ্থীসকলৰ অভিভাৱকে অভিযোগ কৰামতে যোৱা ৩ আগষ্টৰ এই মাৰপিটৰ ঘটনাত হোষ্টেলৰ কেইবাজনো ছাত্ৰ আহত হৈ নিজ গৃহত আশ্ৰয় ল’ব লগা হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত শনিবাৰে অভিভাৱক সভা অনুষ্ঠিত হোৱাত সভাত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হোৱাৰ পাছতহে এই ৰেগিংৰ ঘটনা পোহৰলৈ আহে।
এই সন্দৰ্ভত আহত ছাত্ৰসকলৰ অভিভাৱকে জানিব দিয়া মতে বিদ্যালয়খনৰ হোষ্টেলত একাদশ শ্ৰেণীৰ ছাত্ৰই বিনা কাৰণত বিভিন্ন সময়ত নৱম শ্ৰেণীৰ ছাত্ৰসকলক মাৰপিট কৰি আহিছে । যোৱা ৩ আগষ্টৰ দিনা নিশা প্ৰায় তিনি বজাত নৱম শ্ৰেণীৰ ছাত্ৰসকলক বাথৰূমত ভৰাই একাদশ শ্ৰেণীৰ ছাত্ৰৰ কাপোৰ ধুবলৈ দি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে । একাংশ জ্যেষ্ঠ ছাত্ৰই পেন্টৰ বেল্ট খুলি প্রহাৰ কৰাত কেইবাজনো ছাত্ৰৰ কাণ আৰু নাকত গুৰুতৰ ভাবে আহত হয়।