সোণাৰিত আলি আয়ে লৃগাং উৎসৱ উদযাপন

অসমত বসবাস কৰা অন্যতম জনগোষ্ঠী মিছিং সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং আজি ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে সোণাৰিতো উদযাপন কৰা হয়। সোণাৰি মিছিং উন্নয়ন সমিতিৰ উদ্যোগত আজি পুৱা সোণাৰি মিছিং সমাজৰ সকলো ৰাইজ একগোট হৈ পৰম্পৰাগত ৰীতি নীতিৰে শস্যৰ বীজ হিচাৰ পিছতে অইনিতম গাই, বিহু নাচি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়।