গৃহস্থৰ হাত-ভৰি বান্ধি মাজনিশা দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকাৰ সামগ্ৰী
: গোলাঘাট জিলাৰ নুমলীগড় আৰক্ষী থানাৰ অন্তৰ্গত দৈগ্ৰোঙত সোমবাৰৰ নিশা এক ভয়ংকৰ ডকাইতি কাণ্ড ৷ মঙলবাৰে নিশা প্ৰায় ২ বজাত পোৰাবঙলাৰ ব্যবসায়ী চাবৰমল আগৰৱালাৰ বাসগৃহত ৭ জনীয়া ডকাইতৰ দল এটাই কেইবালাখ টকাৰ লগতে আ-অলংকাৰ লুটি লৈ যায় ।জানিব পৰা মতে, পৰিয়ালৰ সকলোকে হাত ভৰি বান্ধি মাৰণাস্ত্ৰ , পিষ্টল, লাঠি দেখুৱাই ধন সোনৰ লগতে ৭ টা মোবাইল লৈ যায় ডকাইটতৰ দলটোৱে ৷ চাবৰমলৰ পুত্ৰ বসন্ত আগৰৱালাই জানিবলৈ দিয়ে যে, ডকাইতি কাণ্ডত জড়িত দুৰ্বৃত্ত কেইটাই সম্পুৰ্ণ মুখ বান্ধি অহাৰ লগতে মিঞা ভাষাত কথা কোৱা বুলি প্ৰকাশ কৰে ৷অভিযোগ যে, নুমলীগড় আৰক্ষীৰ নিস্ক্ৰিয়তাৰ বাবেই নুমলীগড়ৰ বৃহত্তৰ অঞ্চলত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ নুমলীগড় শোধনাগাৰ আৰু কাষৰীয়া অঞ্চলত বিভিন্ন নিৰ্মান কাৰ্যত নিয়োজিত সন্দেহজনক নাগৰিকৰে ভৰি পৰিছে ৷তেনেস্থলত আৰক্ষীয়ে এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে। আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ সুযোগ গ্ৰহণ কৰি দুস্কৃতিকাৰীয়ে ডকাইতি কাণ্ড সংঘটিত কৰি নিৰ্বিঘ্নে ওলাই যাবলৈ সক্ষম হৈছে ৷
ডকাইতৰ দলটো ওলাই যোৱাৰ লগে লগেই নুমলীগড় আৰক্ষীক খবৰ দিয়াৰ পিচতো আৰক্ষীৰ বেহু ফালি ডকাইত আতৰি যোৱা ঘটনাটো সচেতন মহলত ৰহস্যজনক হিচাপে বিবেচিত হৈছে ৷