গোলাঘাট,১৯ মাৰ্চঃ  

অত্যাৱশ্যকীয় বয় বস্তৰ মূল্যবৃদ্ধি অব্যাহত থকাৰ সময়তে ৰাজ্য চৰকাৰে অভাৱনীয় হাৰত পৌৰ কৰ বৃদ্ধি কৰাৰ প্ৰতিবাদত আজি সৰৱ হৈ পৰে গোলাঘাটৰ নাগৰিক সমাজ । আজি গোলাঘাট নাগৰিক মঞ্চৰ উদ্যোগত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ সীমান্ত শইকীয়া স্মৃতি ভবনত নাগৰিক মঞ্চৰ সভাপতি তিলেশ্বৰ তামুলীৰ সভাপতিত্বত অনুস্থিত হোৱা নাগৰিক সভাত চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে গোলাঘাটৰ নাগৰিক সমাজ একমুখে সৰৱ হৈ পৰে । সভাই ৰাজ্য চৰকাৰে পৌৰসভা সমূহক যি সূত্ৰ অনসৰি পৌৰকৰ বৃদ্ধিৰ বাবে হেচা দিছে সেই কাৰ্যক সভাই তীব্ৰ বিৰোধিতা কৰে। সভাই পৌৰসভা সমূহক সাংবিধানিক নিৰ্দেশনা অনুসৰি স্বতন্ত্ৰ ভাবে পৰিচালিত হৈ থকাৰ পৰিবেশ বৰ্তাই ৰাখিবলৈ চৰকাৰলৈ আহবান জনায় । সভাই পৌৰকৰ বৃদ্ধিৰ সিৰ্দ্ধান্ত বাতিল নকৰিলে নাগৰিক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপে পৌৰসভাৰ লগত অসহযোগীতা কৰি পৌৰকৰ আদায় নিদিয়াৰো সিৰ্দ্ধান্ত গ্ৰহণ কৰে । সভাত প্ৰাক্তন পৌৰপতি ডা : অজিত বৰুৱা , অৱসৰ প্ৰাপ্ত প্ৰবক্তা বীৰেন্দ্ৰ নাথ শৰ্মা , তথ্য আৰু জন সংযোগ বিভাগৰ অৱসৰ প্ৰাপ্ত যুটীয়া সঞ্চালক জীতেন কাকতি , জে অধিবক্তা ভবেশ দত্ত , ড ; অপূৰ্ব কুমাৰ শইকীয়া , বিশ্বজিৎ শইকীয়া , ডা :: নাজিম হুছেইন আদি বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে ।