মৰণফাণ্ডত পৰিণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । ভয়ানক দুৰ্ঘটনাৰ আশংকা । চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে খন্দা বৃহৎ গাতে শংকা কঢ়িয়াইছে দুৰ্ঘটনাৰ । নিৰ্মানকাৰী প্ৰতিষ্ঠানে লোৱা নাই সতৰ্কতামূলক ব্যৱস্থা । উজনিৰ বিশেষকৈ শিৱসাগৰ জিলাৰ জাঁজী পৰা ডিমৌলৈকে নিৰ্মীয়মান অৱস্থাত থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ পথৰ দাতিত বৃহৎ বৃহৎ গাত খন্দা হৈছে । কিন্তু মূল পথটোৰ দাতিলৈকে খন্দাৰ পাছতো নির্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানে কোনো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰফলত যিকোনো মুহূৰ্ততে ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে । নিৰ্মীয়মান অৱস্থাত থকা গৌৰীসাগৰৰ দাতিকাষৰীয়া বলিয়াঘাটৰ পৰা ভটিয়াপাৰলৈকে অংশটোত পথৰ দাতিত বৃহৎ গাত খন্দা হৈছে যদিও কোনো ধৰণৰ সতৰ্কতামূলক জাননী ব্যৱহাৰ কৰা নাই নির্মাণকাৰী প্ৰতিষ্ঠান ফৰ ষ্টাৰে । যোৱাকালিৰে পৰা হৈ থকা মূষলধাৰ বৰষুণৰ ফলত পথটো যথেষ্ট পিছল হৈ পৰাৰ ফলত পথৰ দাতিৰ গাতসমূহত যিকোনো বাহন বাগৰি পৰাৰ সম্ভাৱনাই দেখা দিছে । যোৱাকালি এজন স্কুটী আৰোহী নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিৰ গাতত বাগৰি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় । এনে বিপদজনকভাবে নিৰ্মানকাৰী প্ৰতিষ্ঠানসমূহে কাম কাজ চলাই থকাৰ পাছতো নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰিছে জিলা উপায়ুক্ত গৰাকীয়ে । ভয়াবহ বিপদৰ পূৰ্বে জিলা প্ৰশাসনে এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ কঠোৰ নিৰ্দেশ প্ৰদান নকৰিলে সদৌ তাই আহোম ছাত্র সন্থাৰ লগতে স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিছে ।