ৰহা অংকুৰ জ্যোতি বিহুবা দলে ৰহা ৰাইজৰ সহযোগত প্ৰত্যেক বৰ্ষৰ দৰে এই বছৰো ৮ দিনীয়া কাৰ্য্য সূচীৰে ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতন ত বিহু কৰ্মশালা আয়োজনৰ প্ৰস্তুতি চলাই থকা হৈছে।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

   ৰহা অংকুৰ জ্যোতি বিহুবা দলে জানিব দিয়া মতে ১৯ মাৰ্চৰ পৰা ৮ দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হব লগা বিহু কৰ্মশালা বিয়লী ৩.১৫ ৰ পৰা ৫.৩০ বজালৈ চলা কৰ্মশালাত মুখ্য প্ৰশিক্ষক ৰূপে বিহু সম্ৰাজ্ঞী গায়ত্ৰী কোঁৱৰ, বৰ বিহুবা জয়ম্ত সোনাবাল উপস্থিত থকাৰ লগতে প্ৰশিক্ষক ৰূপে DY বিহু ৰানী বিহুবতী সংগীতা ৰাভা,বিহু কৰ্মশালা তত্বধায়ক জিন্টু কটকী,বিশিষ্ট বিহুবা প্ৰসেনজিৎ কোঁৱৰ,বিহু সাধক পদুম প্ৰসাদ শইকীয়া,বৰ বিহুবতী কংকনা কোঁৱৰ, বিশিষ্ট বিহুবা বিৰেন ডেকা,ৰাজু সৰকাৰ,দেবজ্যোতি নাথ আৰু প্ৰাঞ্জল কাকতি উপস্থিত থাকি প্ৰশিক্ষণ দিয়াৰ লগতে অতিথি শিল্পী ৰুপে বিশিষ্ট বৰ বিহুবা বিমান বৰুৱা, বিশিষ্ট বিহুবা বাপুজী কোঁৱৰ উপস্থিত থকাৰ লগতে সহযোগী প্ৰশিক্ষক ৰূপে অংকুৰ জ্যোতি বিহুবা দলৰ সদস্য সদস্যা উপস্থিত থাকিব।

    কৰ্মশালাৰ পৰিচালক ৰাজীব বৰদলৈ,উপেন মেধি,জিতুমণি দাস, অতুল বৰদলৈ আৰু ডিম্বেশ্বৰ দাসে জানিব দিয়ে যে কৰ্মশালাৰ অন্তিম দিন২৬ মাৰ্চ ৰ মুখ্য আকৰ্ষণ হব "শ্ৰী ভূমি অসম"শিৰ্ষক লোকবাদ্য সংগীত, বিহু হুঁচৰি,বাৰেৰহনীয়া লোক নৃত্য অনুষ্ঠান।

অংকুৰ জ্যোতি বিহুবা দলে সকলোৰে সহায় সহযোগীতা  আৰু উপস্থিতিৰ কামনা কৰিছে।