মৰাণ সমষ্টিৰ কলাখোৱা পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ড তথা ২৬ নং বুথ সমিতিৰ আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশনাত বুথ সৱলীকৰণ অভিযানৰ সভাখন অনুষ্ঠিত হয়। 

     মুলত আজি সভাখনিৰ যোগেদি পুৰণা সমিতিখনৰ সভাপতি নিষ্ঠাবান ত্যাগী কাৰ্যকৰ্তা শ্ৰী জিতুল দোলাকাষৰীয়াৰ ইতিমধ্যে সংস্থাপন হোৱাৰ বাবে উক্ত সমিতি খন ভঙ্গ কৰি ৩১ জনীয়া এখন পূৰ্ণাঙ্গ সমিতি গঠন কৰা হয়। আজিৰ সভাৰ সদনৰ প্ৰস্তাব আৰু সমৰ্থনত উদ্যমী যুৱক শ্ৰী ৰিতুপন ভৰালীক সভাপতি হিচাপে লৈ ২৬ নং বুথ সমিতিখন জয়মতী শক্তিকেন্দ্ৰৰ প্ৰমুখ শ্ৰী ৰোপন ভৰলুৱাৰ তত্বাৱধানত সমিতি খন গৃহীত কৰা হয়। 

আজিৰ সভাত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ অনুসূচিত জনজাতি মৰ্চাৰ (st) অন্যতম সম্পাদক শ্ৰী জয়ন্ত টায়েং।