সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ৰহা শাখাই দেওবাৰে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ত এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে।
এই উপলক্ষে দিনৰ ১০ বজাত ৰহা শাখা লেখিকা সমাৰোহ ৰ জৈষ্ঠা সদস্যা নিৰু বৰা দ্বাৰা বন্তি প্ৰজ্বলন কৰি কাৰ্য্যসূচী ৰ আৰম্ভ কৰাৰ লগতে লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী দ্বিপ্তী দেবী শৰ্মাৰ "ঐতিহ্যৰ ছাঁ পোহৰত কমাৰজান"নামৰ গ্ৰন্থ বিশিষ্ট শিক্ষাবিদ ভগৱান চন্দ্ৰ গোস্বামীয়ে উন্মোচন কৰাৰ লগতে ৰহাৰ পাঁচ বিশিষ্ট মহিলা বিশিষ্ট লেখিকা মনোৰমা ভুঞা,সমাজসেবিকা হোম ভুঞা,স্বাস্থ্য কৰ্মী মীনা বৰা,ই ৰিক্সা চালক মনি ডেকা আৰু মমিতা দেবিক সম্বৰ্ধনা জনোৱা হয়।লগতে বৰগীত পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰে তুলে।
ৰহা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী দ্বিপ্তী দেবী শৰ্মাৰ সভাপতিত্বত আৰু সম্পাদিকা স্বৰ্নলতা ভুঞাৰ উদ্দেশ্য ব্যাখ্যা ৰে অনুষ্ঠিত সভাত লেখিকা সমাৰোহ সমিতিৰ সদস্যা সকলৰ লগত গনমান্য ব্যক্তি উপস্থিত থাকে।