বৃহত্তৰ নদুৱাৰ অঞ্চলবাসীৰ চিকিৎসাৰ ক্ষেত্ৰত উত্তৰ জামুগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। পূৰ্বতে নিৰন্তৰ গতিৰে সেৱা আগবঢ়াই অহা ৩০ খন বিচনাযুক্ত চিকিৎসালয়খনত আৰু ২০ খন বিচনাযুক্ত ভৱনৰ আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। স্বাস্থ্য বিষয়া ডাঃ ৰূপক বৰুৱা,স্থানীয় ৰাইজ আৰু উত্তৰ জামুগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত বিধায়ক পদ্ম হাজৰিকাই এই আধাৰশিলা স্থাপন কৰে। বিধায়ক গৰাকীয়ে ভাষন প্ৰসংগত কয় যে আমি সকলোৰে সহযোগিতাত স্বাস্থ্য কেন্দ্ৰটোক অধিক উন্নত আধুনিক আৰু সুন্দৰ ৰূপত গঢ়ি তুলিব লাগিব আৰু অচিৰেই চিকিৎসালয়খন ১০০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নিত হোৱাৰ দিশত গতি কৰিছে বুলিও উল্লেখ কৰে।
উত্তৰ জামুগুৰি সামুহিক স্বাস্থ্য কেন্দ্ৰত ২০ খন বিচনাযুক্ত ভৱনৰ আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/07/nerity_0d12375cabc0b25b1147fa9ae3a2997f.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)