[ গোলাঘাট থুৰামুখৰ সমিপৰ নামবৰ বনাঞ্চলৰ ভিতৰত অবৈধ গছ কটা আৰু চোৰাং চিকাৰত লিপ্ত থকা একাংশ লোকৰ বিৰুদ্ধে বন বিভাগৰ অভিযান. গোলাঘাট থুৰামুখৰ সমিপৰ নামবৰ বনাঞ্চলৰ ভিতৰত চলি থকা অবৈধ ভাবে গছ কটা আৰু চোৰাং চিকাৰত লিপ্ত থকা একাংশ লোকৰ বিৰুদ্ধে আজি গোলাঘাট জিলা বন বিভাগৰ এটা দলে অভিযান চলাই. অভিযানত কোনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম নহল আজি বন বিভাগ যদিওঁ উক্ত অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ দল তোৱে. বন বিভাগৰ দল তোৰ লগত আজি অংশগ্ৰহণ কৰে গোলাঘাট জিলা কৃষক উন্নয়ণ সংস্থাৰ সভাপতিৰ লগতে সদস্য সকলে গোলাঘাট ৰঙাজানৰ ভিতৰত বন বিভাগৰ অভিযানত বনাঞ্চলৰ ভিতৰত বহু সুৰা তৈয়াৰী স্থান নষ্ট বন বিভাগৰ.গোলাঘাট ৰঙাজানৰ সমিপত বন বিভাগে চলোৱা এক অভিযানত আজি ডাঠ বনাঞ্চলৰ ভিতৰত বহু স্থানত গোপনে তৈয়াৰ কৰা সুৰাৰ স্থান জব্দ কৰে বন বিভাগে. স্থান জব্দ কৰাৰ লগতে উক্ত স্থানতেই সুৰা তৈয়াৰী সকলো সামগ্ৰী নষ্ট কৰে জিলা বন বিভাগে