সাপ আৰু মেকুৰীৰ যুদ্ধত আতংকিত গৃহস্থ

::গোলাঘাট : ২ ফেব্ৰুৱাৰী

গোলাঘাটৰ নতুন আমোলাপট্টিৰ এজন লোকৰ ঘৰৰ পিছফালে আজি এটা ধুন্দুলী ফেঁটি সাপ আৰু মেকুৰীৰ সিহৰণকাৰী যুদ্ধই গৃহস্থক আতংকিত কৰি তোলে ৷ গোলাঘাটৰ নতুন আমোলাপট্টিৰ এডোখৰ কালিকা লগা ঠাই হিচাপে চিহ্নিত কৰিছে গৃহস্থ দিগন্ত বৰদলৈৰ পৰিয়ালে ৷

ঘৰটোৰ পাছফেলে সাপৰ বসতি থকাএটা গাঁতত মাজেমধ্যে ওলোৱা সোমোৱা কৰে ৰাজফেটীঁ ; ধুন্দোলীফেটীঁ আৰু আন বিষাক্ত সাপ ৷ এনে সাপ দেখি ভীতিগ্ৰস্ত হৈ ঘৰৰ মালিক দিগন্ত বৰদলৈয়ে এদিন সাপ সোমাইথকা অৱস্থাত গাঁতটো বন্ধ কৰি দিয়াৰ পিছত গা বিষ আৰু জ্বৰত আক্ৰান্ত হয় ৷ দিগন্তই গাঁতটো পুণৰ খুলি দিয়াৰ পিছতেই বেমাৰ উপসম হয় বুলি জানিবলৈ দিয়ে ৷ আন এদিন নমিতা বাউৰী নামৰ মহিলা গৰাকী ঘৰতোৰ সেই বিশেষ স্থানলৈ যোৱাৰ পিছত কেইবাদিনো গাৰবিষ আৰু জ্ৱৰত ভূগিছিল এই সাপৰ বসতি স্থলৰ কাষেৰে গলেও অতি অসহ্যকৰ বিষত আক্ৰান্ত হৈ পৰে বুলি সকলোৰে বিস্বাস হ’ল ৷ সেয়েহে সেই স্হানলৈ কোনো মানুহ যাবলৈ সাহস নকৰা হ’ল ৷ ঘৰৰ বাহিৰত থকা সৰ্পৰ গাঁতটো ভিতৰলৈ থকাত গৃহস্থ আতংকিত থাকে যদিও বাৰিত প্ৰতিদিনে বিচৰণ কৰিথকা সৰ্পই আজি পয্যন্ত কাৰোৰে অপকাৰ কৰা নাই ৷৷ ::: প্ৰকাশ শৰ্মা ৷