চৰাইদেউ মৈদামক্ষেত্ৰকলৈ ইউনেস্কৰ পৰা আহিল আশাব্যঞ্জক খবৰ

ৰাজ্যবাসীৰ বাবে এক সুখবৰ এয়ে যে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্যথলী হিচাপে ইউনেস্ক'ৰ দ্বাৰা চিনাক্ত কৰিবলৈ এইবাৰ ইউনেস্ক'লৈ ভাৰতৰ পৰা একমাত্ৰ মনোনয়ন হিচাপে চৰাইদেউ মৈদামক্ষেত্ৰক অন্তৰ্ভুক্ত কৰিবলৈ প্ৰেৰণ কৰা দেশৰ মনোনয়ন ইউনেস্কৰ মজিয়াত আপত্তি বিহীন বাবে গ্ৰহণ হৈছে। অসম পুৰাতত্ব সঞ্চালকালয়ৰ এক সূত্ৰৰ পৰা পোৱা তথ্য মতে ,ইউনেস্কৰ তৰফৰ পৰা এক মেইল যোগে চৰাইদেউ মৈদামক্ষেত্ৰ সন্দৰ্ভত ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগে ইতিপূৰ্বে প্ৰেৰণ কৰা মনোনয়ন ইউনেস্কই গ্ৰহণ কৰা বুলি নিশ্চিত কৰিছে। উল্লেখযোগ্য যে, ইউনেস্কৰ মজিয়ালৈ প্ৰেৰণ কৰা একো একোটা মনোনয়নত সংযোগ বিয়োগ আৰু সংশোধন কৰাৰ নিৰ্দেশনা সততে উত্থাপন হয় যদিও এইবাৰ চৰাইদেউ মৈদামক্ষেত্ৰক লৈ ভাৰতৰ পৰা প্ৰেৰণ কৰা একমাত্ৰ মনোনয়নত এনে কোনো জটিলতা আহি পৰা নাই। ইউনেস্কই এইবাৰ ভাৰতৰ মনোনয়ন অবিকল ৰূপত গ্ৰহণ কৰা বিষয়টো নিসন্দেহে এক ইতিবাচক বাতৰি হৈ পৰিছে। প্ৰসংগক্ৰমে উল্লেখ্য যে যোৱা ২১ জানুৱাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত দিনা নিশা ভাৰতৰ প্ৰতিনিধিয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য থলী হিচাপে ইউনেস্ক'ৰ দ্বাৰা চিনাক্ত কৰিবলৈ আনুষ্ঠানিক প্ৰস্তাৱ ইউনেস্ক’লৈ প্ৰেৰণ কৰিছিল ৷ সেই মনোনয়ন ইউনেস্কই গ্ৰহণ কৰা বুলি আজি জানিব পৰা গৈছে।